কলিয়াবৰ: আহোম স্বৰ্গদেউসকলৰ আমোলতে গড়গাঁৱৰ কাৰেংঘৰত ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলৰ মাজত কড়ি খেলে বহুল সমাদৰ লাভ কৰাৰ পৰৱৰ্তি সময়ত সৰ্বসাধাৰণ ৰাইজৰ মাজতো ব্যাপকভাৱে প্ৰচলিত হোৱাৰ উপৰি ব্যাপক জনপ্ৰিয়তাও লাভ কৰিছিল। চ’ত মাহৰ ভিতৰতে সংঘটিত আহোম আৰু মোগলৰ মাজৰ ঐতিহাসিক শৰাইঘাট ৰণৰ স’তেও আছে কড়ি খেলৰ সম্পৰ্ক; যাৰ আভাষ পোৱা যায় পুৰণি কিছু বিহুনামত। চ’ত মাহৰ পহিলা দিনটোৰপৰা ব’হাগৰ উৰুকাৰ দিনটোলৈকে দিক-চু ন-পাম মাউত গাঁৱৰ ৰাইজৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে এই পুৰণিকলীয়া কড়ি খেল। আগ্ৰহী প্ৰতিঘৰ গঞাৰ ঘৰৰ লগতে গাঁৱৰ ৰাজহুৱা নামঘৰতো পৰিলক্ষিত হয় একেই পৰিৱেশ। প্ৰতীকি অৰ্থত প্ৰজননৰ স’তে এই খেলবিধৰ সম্পৰ্ক আছে যদিও নতুন বছৰৰ ভাগ্য পৰীক্ষা, গাঁৱৰ ডেকা-গাভৰুৰ লগতে বয়োজ্যেষ্ঠসকলৰ মাজতো সম্প্ৰীতিৰ পৰিৱেশ আৰু প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাও এই খেলৰ লক্ষ্য। তেনে লক্ষ্যৰে হাটবৰ কেন্দ্ৰীয় বিহু উদ্যাপন সমিতিয়ে ল’লে অভিনৱ পদক্ষেপ। হাটবৰ কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন সমিতিয়ে ২ আৰু ৩ বহাগত দুদিনিয়াকৈ আয়োজন কৰা ৰঙালী বিহু উদ্যাপনৰ লগত সঙ্গতি ৰক্ষা কৰি আয়োজন কৰে কড়ি খেল। য’ত ভাগ লয় স্থানীয় বুঢ়া-মেথা সকলোৱে। পুৰণি খেলবিধ খেলি স্মৃতিকাতৰ হৈ পৰে জ্যেষ্ঠজন, কণিষ্ঠসকলে অনুভৱ কৰে অনন্য শিহৰণ।
কলিয়াবৰৰ হাটবৰত ৰঙালী বিহুত “কড়ি খেল”ৰ মাদকতা
-
By publisher

ADVERTISEMENT
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025