বৰপেটা: কাইলৈ অনুষ্ঠিত হবলগীয়া ৬ নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে বৰপেটা চহৰৰ দহটা ভোট গ্ৰহণ কেন্দ্ৰ কেবল মহিলা বিষয়া – কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হব ৷ বৰপেটা বিধান সভা সমষ্টিৰ অন্তৰ্গত মহিলা ভোট গ্ৰহণ কেন্দ্ৰ কেইটা হৈছে বিলৰতাৰি প্ৰাথমিক বিদ্যালয়ত থকা ১৪৩ আৰু ১৪৫ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ , বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫১ আৰু ১৬২ নম্বৰ কেন্দ্ৰ , বৰপেটা টাউন মধ্য ইংৰাজী বিদ্যালয়ৰ ১৫৬ আৰু ১৫৭ নম্বৰ কেন্দ্ৰ , বৰপেটা নাৰ্চাৰী কাম প্ৰাথমিক বিদ্যালয়ৰ ১৫৩ নম্বৰ কেন্দ্ৰ , আৰু বৰপেটা জুৰোৰাম পাঠক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৬১,১৬৩ আৰু ১৬৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ ৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰ কেইটাত কেবল মহিলা প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ দ্বাৰা পৰিচালিত হব ৷ জানিব পৰা মতে, , প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত এগৰাকী প্ৰিজাইডিং বিষয়া আৰু তিনিগৰাকী পলিং বিষয়াৰ উপৰি নিৰাপত্তাৰক্ষীও মহিলা থাকিব ৷ ইয়াৰ উপৰি বৰপেটা নিৰ্বাচনী জিলাৰ প্ৰতিটো বিধান সভা সমষ্টিত দুটাকৈ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ গঢ়ি তোলা হৈছে ৷সেই অনুসৰি বৰপেটা বিধান সভা সমষ্টিৰ ১৪৩ নং বিলৰতাৰি হাটী প্ৰাথমিক বিদ্যালয়ৰ (সো অংশ) ১৭৩ নং সুন্দৰীদিয়া হাইস্কুলৰ (সো অংশ) ,জনিয়া সমষ্টিৰ ৫৮ নং কলগাছিয়া বেচিক প্ৰাথমিক বিদ্যালয় আৰু ১৫৭ নং জনিয়া হাইস্কুল, বাঘবৰ বিধান সভা সমষ্টিৰ ১২৯ নং গৰলা এম ই বিদ্যালয়ৰ( সো অংশ) ,আৰু ১৬১ নং মন্দিয়া হাইস্কুলৰ (সো অংশ) ,সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ ৫৬ নং বি কে নিত্যানন্দ ওৱাহেদ আলী হাইস্কুল আৰু ২০৫ নং ভকুৱাটেপা ৰুৰেল মিলন হাইস্কুল ,চেঙা বিধান সভা সমষ্টিৰ ২৬ নং নগাওঁ শিক্ষা মন্দিৰ হাইস্কুল আৰু ৬০ নং চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ৷ইপিনে বৰপেটা নিৰ্বাচনী জিলাৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সৰভোগ বিধান সভা সমষ্টিৰ ১৯০ নং দক্ষিণ বৰপেটাৰোড প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ (সো অংশ) আৰু ২৪৬ নং উত্তৰ গণকগাড়ী প্ৰাথমিক বিদ্যালয়ৰ (সো অংশ) কেন্দ্ৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে ৷
বৰপেটা চহৰৰ দহটা ভোট গ্ৰহণ কেন্দ্ৰ মহিলা বিষয়া -কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হব
-
By publisher
- Categories: Loksabha Election, News
- Tags: AssamLoksabha Election
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026