কোকৰাঝাৰ : ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা কোকৰাঝাৰ লোকসভা সমষ্টিত ন’গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হোৱাৰ সময়তে বিপিএফ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্মৰ এশ শতাংশ জয় নিশ্চিত বুলি দাবী কৰিছে ৷ আজি কোকৰাঝাৰস্থিত আৰণাই ৰেষ্টুৰেন্টত বিপিএফ দলৰ নেতা,সদস্য আৰু বিটিচিৰ কাৰ্যবাহী সদস্য,এমচিএলৰ সৈতে হোৱা এক বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে এক সাংবাদিকমেলৰ আয়োজন কৰি প্ৰমীলা ৰানী ব্ৰহ্মৰ এশ শতাংশ জয় নিশ্চিত বুলি দাবী কৰিছে ৷ হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকমেলত কয় যে সমষ্টিটোত প্ৰতিদ্বন্দ্বীতা কৰা বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্ম পাঁচ লাখত কৈ অধিক ভোট লাভ কৰি জয় লাভ কৰিব ৷ ইয়াৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া চাৰি লাখ আৰু এবছু সমৰ্থিত প্ৰাৰ্থী তথা ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মই তিনি লাখৰ অধিক ভোট লাভ কৰি তৃতীয় স্থান আৰু কংগ্ৰেছৰ শব্দ ৰাম ৰাভাই চতুৰ্থ স্থান অৰ্থাৎ এক লাখতকৈ বেছি ভোট লাভ কৰিব বুলি অংক কৰি উলিয়াইছে হাগ্ৰামা মহিলাৰীয়ে ৷
ভোট গননাৰ পূৰ্বেই হাগ্ৰামাৰ ফলাফল ঘোষনা
-
By publisher
- Categories: Loksabha Election, News
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025