কোকৰাঝাৰ : ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা কোকৰাঝাৰ লোকসভা সমষ্টিত ন’গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হোৱাৰ সময়তে বিপিএফ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্মৰ এশ শতাংশ জয় নিশ্চিত বুলি দাবী কৰিছে ৷ আজি কোকৰাঝাৰস্থিত আৰণাই ৰেষ্টুৰেন্টত বিপিএফ দলৰ নেতা,সদস্য আৰু বিটিচিৰ কাৰ্যবাহী সদস্য,এমচিএলৰ সৈতে হোৱা এক বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে এক সাংবাদিকমেলৰ আয়োজন কৰি প্ৰমীলা ৰানী ব্ৰহ্মৰ এশ শতাংশ জয় নিশ্চিত বুলি দাবী কৰিছে ৷ হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকমেলত কয় যে সমষ্টিটোত প্ৰতিদ্বন্দ্বীতা কৰা বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্ম পাঁচ লাখত কৈ অধিক ভোট লাভ কৰি জয় লাভ কৰিব ৷ ইয়াৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া চাৰি লাখ আৰু এবছু সমৰ্থিত প্ৰাৰ্থী তথা ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মই তিনি লাখৰ অধিক ভোট লাভ কৰি তৃতীয় স্থান আৰু কংগ্ৰেছৰ শব্দ ৰাম ৰাভাই চতুৰ্থ স্থান অৰ্থাৎ এক লাখতকৈ বেছি ভোট লাভ কৰিব বুলি অংক কৰি উলিয়াইছে হাগ্ৰামা মহিলাৰীয়ে ৷
ভোট গননাৰ পূৰ্বেই হাগ্ৰামাৰ ফলাফল ঘোষনা
-
By publisher
- Categories: Loksabha Election, News
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026