চিৰাঙত আই পি এল জুৱা:বেটিং হাউচ উৎখাত

5 1

বঙাইগাঁও: সম্প্ৰতি চলি থকা  ক্ৰিকেট খেল  ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপি এলক লৈ গঢ় লৈ উঠা জুৱাৰ  ঘাটি এটা চিৰাং আৰক্ষীয়ে কালি নিশা  উৎখাত কৰিবলৈ সক্ষম হয় ৷ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বাটাবাৰী গাঁৱত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত কালি নিশা চলোৱা  অভিযানত ঘাটিটোৰ পৰা অাৰক্ষীৰ দলে বেটিং হাউচৰ পৰা  জুৱাত ব্যৱহৃত এটা এল চি ডি চেমছাং টিভি, এখন এয়াৰটেল ডিছ, চেটটপ বক্স এটা, দুখন বাইক, পাঁচটা মোবাইল ফোন আৰু  আই পি এল জুৱাত ব্যৱহৃত যথেষ্ট সংখ্যক আপত্তি জনক নথিপত্ৰ জব্দ কৰাৰ লগতে  চাৰিজন সৃলোকক আটক কৰে ৷ অভিযানকাৰী  দলে নগদ ১২, ৪৪৩ টকাও জব্দ কৰে ৷ আজি মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে, কালি নিশাৰ ভাগত বাটাবাৰী গাঁৱত চলাই থকা আই পি এল জুৱাৰ ঘাটি উচ্ছেদ কৰা হয় ৷ অভিযীনকাৰী দলে আই পি এল জুৱাত জড়িত বাটাবাৰী অঞ্চলৰ নাজিৰ হাছান (২৪), ফুলচান আলী(২২), ময়দুল ইছলাম(২২ ) আৰু মাছেন আলী(২৩) ক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা এ এছ ২৬ বি ৩৩৭২ আৰু এ এছ ২৬  বি ৬৩৭৫ নম্বৰৰ দুখন গ্লেমাৰ বাইক জব্দ কৰে ৷ আই পি এল জুৱাত জড়িত আন সকলক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ আজি ধৃত আই পি এল জুৱাৰ লগত জড়িত চাৰিজন যুৱকক বিজনী মহকুমা আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে অভয়াপুৰীস্থিত জেললৈ প্ৰেৰণ কৰে ৷

Exit mobile version