শ্ৰীৰামপুৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ পৰা ধুবুৰীলৈ যোৱা একমাত্ৰ গড়কাপ্টানি পথটো হৈছে ধুবুৰী-কচুগাঁও পথ চমুকৈ ডি কে ৰোড।ব্ৰিটিছৰ দিনত নিৰ্মাণ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰ প্ৰতি চৰকাৰৰ যেন কোনো আগ্ৰহ নাই।প্ৰায় দুইদশক ধৰি পথটো জৰাজীৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰা সত্বেও কোকৰাঝাৰ আৰু ধুবুৰী জিলা প্ৰশাসন নাইবা উক্ত জিলাৰ গড়কাপ্টানি বিভাগ চকুমুদা কুলীৰ ভাও লৈ থকাত উক্ত অঞ্চলৰ লাখ লাখ জনসাধাৰণে যমৰ যাতনা ভুগি আহিছে।উক্ত পথটোৰ মেৰামতিৰ নামত প্ৰতিবছৰে বিভাগে ধনৰ আৱন্টন দিয়ে যদিও মেৰামতিৰ নামত কেৱল জোৰা-টাপলি মাৰি আৱণ্টিত ধনৰ আত্মসাৎ কৰা হয় বুলি ৰাইজৰ অভিযোগ।ডি কে ৰোড বিভাগীয় একাংশ বিষয়া আৰু ঠিকাদাৰৰ বাবে ক্ষীৰতি গাই লৈ পৰিণত হৈছে বুলি কয় কুমাৰগঞ্জৰ অশোক বৰ্মন নামৰ এজন সমাজকৰ্মীয়ে। তেওঁ ৰাজ্যৰ গড়কাপ্টানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰি আৰু কয় যে ‘ মন্ত্ৰী মহোদয় আপুনি হেলিকপ্টাৰ লৈ উক্ত অঞ্চললৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজক বহুতো প্ৰতিশ্ৰুতি দি গ’লে। কিন্তু কোকৰাঝাৰ ধুবুৰী সীমান্তৰ এইখন অঞ্চলৰ পথ-ঘাটৰ অৱস্হাৰ বিষয়ে আৰু আপোনাৰ বিভাটোৰ এনে ব্যৰ্থতা সন্দৰ্ভত আপুনি অৱগতনে ?’ উক্ত পথৰ দুৰৱস্হা দূৰীকৰণৰ বাবে অঞ্চলৰ ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ উপৰি পথ মেৰামতি কৰাৰ দাবীত একাধিকবাৰ আন্দোলন কৰা সত্বেও উক্ত পথটোৰ মেৰামতি কৰা নাই। ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, বিধায়ক অশ্বিনী সৰকাৰেও ৰাইজক কেৱল প্ৰতিশ্ৰুতি দি আহিছে।ইপিনে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰৰ পৰা গ্ৰাহামপুৰ লৈ বিটিচিৰ সীমালৈকে উক্ত পথটো মেৰামতিৰ বাবে প্ৰায় ডেৰ বছৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ধন আৱণ্টন কৰা হৈছিল আৰু স্হানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ তত্বাবধায়কত উক্ত মেৰামতিৰ কাম সম্পন্ন কৰা হয় যদিও ৰহস্যজনক ভাৱে পাঁচ কিলোমিটাৰ পথ মেৰামতি কৰা হোৱা নাই।পাঁচ কিলোমিটাৰ কৈ পথ মেৰামতিৰ দায়িত্ব পৃথকে পৃথকে এজনকৈ ঠিকাদাৰক দিয়া হৈছিল যদিও মল্লিকাপুৰৰ পৰা গ্ৰাহামপুৰ লৈকে পথৰ মেৰামতি নকৰি আৱণ্টিত ধন আত্মসাৎ কৰা বুলি অভিযোগ উঠিছে।শ্ৰীৰামপুৰৰ পৰা মল্লিকাপুৰ লৈকে ডি কে গড়কাপ্টানি পথৰ মেৰামতি কৰাৰ পাছত সেয়াও বৰ্তমানে পুনৰ জহি খহি যাবলৈ ধৰিছে।কিন্তু মল্লিকাপুৰৰ পৰা গ্ৰাহামপুৰ লৈকে পথৰ অৱস্হা ইমানে বেয়া হৈ পৰিছে যে যানবাহন চলাটো দূৰৰ কথা খোঁজ কাঢ়ি যোৱা পুৰুষ-মহিলা-বৃদ্ধ-বৃদ্ধা-ছাত্ৰ-ছাত্ৰীৰ বাবে দুৰূহ হৈ পৰিছে।পথছোৱাৰ বৰ্তমানে কোনো চিনচাবে নাই আছে কেৱল গাত আৰু জৰাজীৰ্ণ পথৰ অৱশিষ্ট অংশ।উক্ত জৰাজীৰ্ণ পথটোৰ মেৰামতি কৰাৰ বাবে ইয়াৰ ৰাইজে বিধায়কগৰাকীক বহুবাৰ আৱেদন নিৱেদন কৰাৰ পাছতো কোনো ফল পোৱা নাই।ইপিনে গোসাঁইগাঁৱৰ পৰা তামাৰহাট লৈ চলাচল কৰা শতাধিক অটোচালক তথা অন্যান বাহনৰ চালক সকলে উক্ত পথৰ দূৰৱস্হাৰ কথা কবলৈ গৈ উত্তেজিত আৰু আৱেগিক হৈ পৰে। উক্ত পথেৰে চলাচল কৰাৰ বাবে বাহনবোৰৰ যন্ত্ৰপাতি নষ্ট হয় যাৰ ফলত গেৰেজতে উপাৰ্জনৰ পইচা খৰচ হৈ যায়।শ্ৰীৰামপুৰৰ অটো চালক শম্ভু কৰ্মকাৰে কয়,’এইখন অটোৰ ওপৰতে মোৰ ছজনীয়া পৰিয়ালটো নিৰ্ভৰশীল।কিন্তু অটো চলাই এতিয়া সংসাৰ প্ৰতিপালন কৰাটোৱে মোৰ বাবে সমস্যা হৈ পৰিছে।মল্লিকাপুৰৰ পৰা খাল সদৃশ পথৰ বাবে তামাৰহাট লৈ কে অটো চলাব নোৱাৰি কেৱল শ্ৰীৰামপুৰৰ পৰা গোসাঁইগাঁও লৈ ভাৰা মাৰিব লাগে।যাৰফলত গোটেই দিনটোত ২০০-২৫০ টকা উপাৰ্জন কৰিব নোৱাৰি।’ উক্ত পথৰ দৃৰৱস্হা আৰম্ভ হৈছে দুইদশক পূৰ্বৰ পৰা।দীৰ্ঘ দিনে জৰাজীৰ্ণ হৈ থকা পথৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে যুৱ প্ৰজন্মৰ এইজন অটোচালকে এই অৱস্হাৰ বাবে চৰককাৰৰ লগতে স্হানীয় জনপ্ৰতিনিধি সকলৰ উদাসীনতাকে দায়ী কৰে।ৰাইজৰ একাধিক জ্বলন্ত সমস্যাৰ প্ৰতি দৃষ্টিপাত নকৰা স্হানীয় নেতা পালিনেতাৰ স্বাৰ্থপৰায়ণ মানসিকতাৰ বাবে কেৱল যাতায়াত নহয় চিকিৎসা সেৱা, বিশুদ্ধ খোৱা পানী আদি একাধিক চৰকাৰী পৰিসেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে।আজিকালি প্ৰতিবাদ কৰিও কোনো লাভ নহয় বুলি ৰাইজেও নীৰৱে সমস্যাবোৰ ভোগ কৰি থাকিবলৈ বাধ্য হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে তথ্যসহ অভিযোগ কৰা সত্বেও আজিকোপতি কোনো পদক্ষেপ লোৱা নাই শাসক পক্ষই।গতিকে আমি দৰিদ্ৰ তথা সাধাৰণ জনতাই সমস্যাৰে জৰ্জৰিত হৈ জিয়াই আছো বুলি আৱেগেৰে অটোচালক গৰাকীয়ে নিজৰ অভিব্যক্তি ব্যক্ত কৰে।
ধুবুৰী-কচুগাঁও গড়কাপ্টানি পথৰ দুৰৱস্হাঃ দশক জুৰি যাতায়াতৰ সমস্যাত ভুগিছে ৰাইজ
-
By publisher

- Categories: News
Related Content
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
By
publisher
May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
By
publisher
May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
By
publisher
May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
By
publisher
May 2, 2026
SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ
By
publisher
May 2, 2026