কাজিৰঙা:কাজিৰঙাৰ ৰাজপথত দুই বিদেশী পৰ্যটকে আত্মহাৰা হৈ নাচিলে বিহু। ঢুলীয়াৰ ঢোলৰ ছেৱত আত্মহাৰা হৈ ইউৰোপৰ পৰ্যটক দুগৰাকী বিহু নৃত্য কৰে। নাচনী-ঢুলীয়াৰ স’তে প্ৰায় এক কি.মি. দৈৰ্ঘ্যৰ বাৰেৰহণীয়া শোভাযাত্ৰাতো অংশগ্ৰহণ কৰে উদ্যান দৰ্শনৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত উপস্থিত হোৱা পৰ্যটক দুগৰাকীয়ে। উল্লেখ্য যে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কাজিৰঙাৰ কহঁৰাবাসী ৰাইজৰ সহযোগত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ দেশ বিদেশৰ পৰ্যটকক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আকৰ্ষিত কৰাৰ লগতে অসমৰ বিভিন্ন জাতি-জনজাতিৰ কলা সংস্কৃতি পৰ্যটকৰ সন্মূখত প্ৰদৰ্শন কৰি বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজিৰ পৰা বিহু উৎসৱ অনুষ্ঠিত কৰা হয়। কহঁৰা ৰূপজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত ২৯ সংখ্যক কহঁৰা বসন্ত উৎসৱৰ লগত সংগতি ৰাখি উৎসৱৰ প্ৰথম দিনা পুৱা কহঁৰা চাৰিআলিৰপৰা দিৰিঙলৈকে মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কহঁৰা বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি ফটিক বৰাৰ উপস্থিতিত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ, সমাজকৰ্মী পৰাণ চন্দ্ৰ ঘোষ আৰু শিক্ষক ডায়েৰী প্ৰসাদ উপাধ্যায়ে পতাকা জোকাৰি এই মাৰাথন প্ৰতিযোগিতা অনুষ্ঠানিক ভাৱে আৰম্ভ কৰে। ইয়াৰ পিছত উদযাপন সমিতিৰ সভাপতি ফটিক বৰাই পতাকা উত্তোলন আৰু কাজিৰঙাৰ জেষ্ঠ নাগৰিক কালিদাস উপাধ্যায়ে শ্বহীদ তৰ্পণ কৰাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ উপস্থিতিত কহঁৰা বসন্ত উৎসৱৰ অতি আকৰ্ষণীয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।সাংস্কৃতিক শোভাযাত্ৰাত দুৰ্গাপুৰৰ পৰা অহা গায়ন-বায়নৰ দল, বিহু, অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰৰ ঝুমুৰ দল, বাঙালী সাংস্কৃতিক দল, নেপালী, মিচিং, কাৰ্বি, কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ বেণ্ড আদিকে কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা বহু কেইজন দেশ বিদেশৰ পৰ্যটকে অংশগ্ৰহণ কৰে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰে কাজিৰঙাৰ ৰাজপথ। সহস্ৰাধিক বিহু প্ৰেমী ৰাইজ, দল-সংগঠনে অংশ লয় এই বৰ্ণাঢ্য শোভাযাত্ৰাত। বিহু ঝুমুইৰৰ নৃত্যত আনন্দমুখৰ পৰিৱেশ হৈ পৰে কাজিৰঙাৰ ৰাজপথত৷ এই অনুষ্ঠানতে কাজিৰঙা দৰ্শনৰ বাবে অহা ইউৰোপৰ দুই পৰ্যটকক বিহু সমিতিৰ তৰফৰ পৰা একোখনিকৈ ফুলাম গামোচাৰে জনোৱা হয় অভিবাদন। আনহাতে, ডিঙিত গামোচা লৈ পৰ্যটক দুজনেও অংশগ্ৰহণ কৰে বাৰেবৰণীয়া শোভাযাত্ৰাত। আনহাতে, অসমৰ বাপতি সাহোন তথা চহকী সংস্কৃতিত আপ্লুত হৈ পৰে বুলি মত ব্যক্ত কৰে ইউৰোপৰ পৰ্যটক দুগৰাকীয়ে৷ বিহু ঝুমুইৰ তালত নাচি মন্ত্ৰমুগ্ধ হৈ পৰে দুয়োজন পৰ্যটক।দেশীয় পৰ্যটকৰ লগতে জডান আৰু জিৰোচ নামৰ প্ৰাণচঞ্চলা দুগৰাকী ইউৰোপ মহাদেশৰ পৰ্যটকে বিহু আৰু ঝুমুৰৰ তালে তালে ককাল ভাঙি নাচি বাগি আত্মহাৰা হৈ পৰে। উদযাপন সমিতিৰ তৰফৰ পৰা বিদেশী পৰ্যটক দুগৰাকীক অসমীয়াৰ চিনাকী গামোচাৰে আদৰণি জনোৱা হয়।
ডিঙিত গামোচা পিন্ধি কাজিৰঙাৰ ৰাজপথত বিদেশী পৰ্যটকৰ নৃত্য
-
By publisher

Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026