বেবেজীয়া : আয়তি সকলৰ জাক জাক উৰুলীত কালি নিশালৈকে উখল মাখল হৈ থাকে নগাঁও জিলাৰ জনজাতি লোক বসতি প্ৰধান উকহাপাৰ গাঁও। এই উকহাপাৰ গাঁৱৰ সাতামপুৰুষীয়া নামঘৰ প্ৰাংগনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উকহাপাৰ প্ৰাথমিক আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ যৌথ ব্যৱস্থাপনাত ২৪ গৰাকী দৰিদ্ৰ পৰিয়ালৰ দৰা – কইনাৰ মাজত এক সামূহিক বিবাহ সম্পন্ন কৰি তেওঁলোকক অসমীয়া বিবাহৰ সকলো পৰম্পৰা পালন কৰি সামাজিক ভাৱে পতি -পত্নী ৰূপে স্বীকৃতি দিয়া হয় ৷ তদুপলক্ষে সেই গাঁওখনৰ লগতে কলাবাৰী , পানীগাওঁ , মিলনপুৰ আদি নিকটবৰ্তী ঠাইৰ পৰা অহা ১২ যোৰা দৰা- কইনাৰ লগতে তেওঁলোকৰ আত্মীয়- স্বজনৰ উপস্থিতিৰে গাঁওখনত উখল মাখল পৰিবেশৰ সৃষ্টি হয় ৷ তথাকথিত উচ্চ সমাজৰ এচাম বিত্তবান লোকৰ ব্যয়বহুল বিবাহ অনুষ্ঠানৰ বিপৰীতে জনজাতিয় ৰাইজৰ সামাজিক দায়িত্ববোধৰ এক অন্যতম নিৰ্দশন হোৱা এই সমূহীয়া বিবাহ অনুষ্ঠানটোৰ আগভাগ লোৱা দীপ কুমাৰ বৰদলৈ, হৰেন কোঁৱৰ , ৰাজেন কোৱঁৰ , দেৱ কান্ত কোঁৱৰ , ধীৰেণ কোঁৱৰ , মিন্টুমনি বৰদলৈ, শচীন কোঁৱৰ , ৰিজু কোঁৱৰকে ধৰি উকহাপাৰৰ গাঁৱৰ লোক সকলক সচেতন ৰাইজে শলাগ লৈছে ৷ অনুষ্ঠানটোৰ উদ্যোক্তা সকলে জনোৱা মতে ২০১০ চনৰ পৰা গাঁওখনত প্ৰতিবছৰে ব’হাগ মাহত এইদৰে সমূহীয়া বিবাহ সম্পন্ন হৈ আহিছে ৷
উকহাপাৰ জনজাতি গাঁৱত সমূহীয়া বিবাহ সম্পন্ন
-
By publisher

- Categories: News
Related Content
দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি
By
publisher
May 2, 2026
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
By
publisher
May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
By
publisher
May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
By
publisher
May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
By
publisher
May 2, 2026