বঙাইগাঁৱত বিবাহস্থলীত যুৱকৰ তাণ্ডৱ

চোকা অস্ত্ৰৰে ঘপিয়ালে চাৰিজনকঃ এজনৰ অৱস্থা সংকটজনক

বঙাইগাঁও: বঙাইগাঁও চহৰৰ ভাকাৰীভিটাত এখন বিবাহস্থলীত আজি পুৱতি নিশা সংঘটিত হয় আক্ৰমণৰ ঘটনা ৷ ধুবুৰী জিলাৰ শালকোচাৰ পৰা দৰা পলাশ সিংহৰ লগত দৰা পক্ষ আহিছিল কন্যাৰ ঘৰ ভাকাৰীভিটালৈ ৷ ভাকাৰীভিটাৰ প্ৰয়াত উমেশ ৰায়ৰ কন্যাৰ স’তে ৰীতি-নীতিৰে নিশা তিনিমান বজাত বিবাহ পৰ্ব সামৰণী পৰাৰ পাছতে ঘটে অঘটন ৷ জানিব পৰামতে, কন্যা ঘৰৰ ওচৰৰ মাজেন ৰায় নামৰ যুৱক এজনে দৰা পক্ষৰ লোকৰ লগত বিবাহ ঘৰৰ সন্মুখত কাজিয়া কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি ঘৰৰ পৰা দা লৈ আহি বিবাহ ঘৰৰ পদূলিৰ কলগছ কাটি, লাইট ভাঙে, তোৰণৰ ক্ষতি কৰে ৷ ইয়াৰ পাছতে বিবাহ স্থলীত সোমাই দৰা পক্ষৰ ৰখীন বৰ্মণ(৩৫), বাবুল দাস আৰু স্বপন বৰ্মণক আক্ৰমণ কৰে ৷ কইনাৰ ভাতৃ দিগন্ত ৰায়ে কিয় গোণ্ডগোল কৰিছে মাত মাতিব যোৱা সময়ত দিগন্ত ৰায়কো আক্ৰমণ কৰি আহত কৰে ৷ উল্লেখ্য ভাকাৰীভিটাত বিহুৰ সাংস্কৃতিক অনুষ্ঠান থকাত বহু লোকে বিহুত ব্যস্ত আছিল ৷ঘটনাৰ মাজতে আক্ৰমণকাৰী যুৱক মাজেন ৰায়ক উন্মুক্ত চোকা অস্ত্ৰসহ আটক কৰে বঙাইগাঁও আৰক্ষীয়ে ৷ যুৱকজনৰ দাৰ ঘাপত আহত ৰথীন বৰ্মণ, দিগন্ত ৰায়, বুবুল দাস আৰু স্বপন বৰ্মণক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে ৰথীন বৰ্মণৰ অৱস্থা সংকটজনক ৷ ঘটনাৰ কাৰণ জানিব পৰা হোৱানাই যদিও এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ স্থানীয় লোকে ধৃত অপৰাধী মাজেন ৰায়ক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷

Exit mobile version