গোৰেশ্বৰ-আন্ধেৰীঘাট সংযোগী “বয়াগলা পথ” ৰ দুৰাৱস্থা:তিনিবছৰে সম্পূৰ্ণ নহ’ল মাথো তিনি কিলোমিটাৰ পথ

2 3

গোৰেশ্বৰ:

বাগসা জিলাৰ গুৰুত্বপূৰ্ণ গোৰেশ্বৰ চহৰৰ দীৰ্ঘদিনীয়া বাট-পথৰ সমস্যা কিছু লাভৱ হৈছে যদিও আজিলৈ গোৰেশ্বৰ চহৰ সংযোগী কেবাটাও গড়কপ্তানি পথৰ অৱস্থা শোচনীয় হৈয়ে ৰ’ল। মুখ্যত বাইহাটা-চাৰিআলি-গোৰেশ্বৰ-বগামাটি পথটো বিগত সময়ছোৱাত নিৰ্মাণ কৰাত যাতায়তৰ ক্ষেত্ৰত থকা অঞ্চলটোৰ পূৰ্বৰ বদনাম কিছু মচ খাইছে যদিও বহুকেইটা সংযোগী পথক এতিয়াও গডকপ্তানি বিভাগটোৱে অৱহেলিত কৰি ৰাখিছে। বাগসা জিলাৰ গোৰেশ্বৰৰ পৰা দৰং জিলাৰ আন্ধেৰীঘাট সংযোগী মাত্ৰ সাত কিলোমিটাৰ দৈৰ্ঘৰ “বয়াগলা পথ”টো বিগত তিনিবছৰে ধৰি জৰাজীৰ্ণ হৈয়ে থাকিল। অৱশ্যে বিগত জুনত গোৰেশ্বৰৰ পৰা প্ৰায় চাৰিকিলোমিটাৰ অৰ্থাৎ হাজলপাৰা গাওঁলৈ মেৰামতি সম্পূৰ্ণ কৰি যাতায়তৰ সুচল কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হয় । সমান্তৰালকৈ বিটিচিৰ অনুদানেৰে পথৰ বাকী থকা প্ৰায় তিনি কিলোমিটাৰ পথ মেৰামতি কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হয়। কিন্তু আজি প্ৰায় দহ মাহ উকলি যোৱাৰ পিছতো হাজলপাৰাৰ পৰা দৰং জিলাৰ আন্ধেৰীঘাটলৈ মাথো তিনি কিলোমিটাৰ পথ মেৰামতি নামত একো এটা কৰা নহ’ল। শতাধিক ছাত্ৰ- ছাত্ৰী , শিক্ষক -শিক্ষয়িত্ৰী , ব্যৱসায়ী সাধাৰণ ৰাইজে এতিয়া জৰাজীৰ্ণ খলাবমা পথৰে দুয়োখন ঠাইলৈ আহ- যাহ কৰিব লগা হৈছে। শীঘ্ৰে উক্ত পথছোৱাৰ মেৰামতি কৰি যাতায়তৰ সুচল কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।
Exit mobile version