নগাঁও : এটা পথৰ মেৰামতিৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিৰ দুৱাৰে দুৱাৰে ঘূৰি কোনো সুফল নাপাই অৱশেষত নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টি তথা নগাঁও পৌৰসভাৰ ২৩ নং মহলাৰ স্থানীয় ৰাইজে নিজে মেৰামতি কৰিলে পথ। নগাঁও চহৰৰ ৰত্নপুৰৰ তজদ্দুক-ইউচুফ পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱতে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ লগতে এজাক বৰষুণৰ দিলেই পথছোৱা ইমানেই কদৰ্য ৰূপ ধাৰণ কৰে যে এই পথচোৱাদি আহযাহ কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজ চৰম সমস্যাৰ সন্মুখীন হ’ব লগা হয়। পৌৰসভাক বাৰম্বাৰ জনোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নকৰাৰ লগতে স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তয়ো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে স্থানীয় ৰাইজে ” বৃহত্তৰ ৰত্নপুৰ উন্নয়ন সমিতি”ৰ উদোগত ৰাইজে নিজৰ গাঁঠিৰ ধন খৰছ কৰি নিজেই পথ নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্মে কালিৰে পৰা সংগঠনটোৰ সহযোগত ৰাইজে দান বৰঙণি সংগ্ৰহ অভিযান আৰম্ভ কৰে আৰু এই সংগৃহীত ধনৰ সহায়ত ৰাইজে সমুহীয়া শ্ৰমদানৰে কালিৰে পৰা পথচোৱা নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। বৃহত্তৰ ৰত্নপুৰ উন্নয়ন সমিতিৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে। উল্লেখ্য যে স্থানীয় প্ৰায় অৰ্ধ সহস্ৰাধিক পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক গুনেন্দ্ৰ চক্ৰৱৰ্তীয়ে জানিবলৈ দিছে।
নগাঁৱত পথ মেৰামতিৰ বাবে ওলাই আহিল ৰাইজ
-
By publisher

- Categories: News
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026