নগাঁৱত পুণৰ চিলনী চোৰৰ সন্ত্ৰাস : মহিলাৰ পৰা লুট কৰিলে লক্ষাধিক টকা

4 1

আৰক্ষীৰ ভুমিকাত ক্ষুন্ন নাগৰিক সমাজ

নগাঁও: নগাঁও আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি নগাঁও চহৰত চিলনী চোৰে সংঘটিত কৰি গৈছে ইটোৰ পিছত সিটোকৈ ধন লুটৰ ঘটনা। বিগত কেইবাদিনো ধৰি চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ পিছতো চিলনী চোৰৰ সন্ত্ৰাস ৰোধ কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী। শেষতীয়া ভাবে নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ তথা অভিজাত অঞ্চল আমোলাপট্টি অঞ্চলত পাঁছটাৰো অধিক এনে ধৰনৰ ঘটনা সংঘটিত হৈছে। আজিও দিন দুপৰতে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পূৰণা ঘাইপথৰ চলাচল হোটেলৰ সন্মুখত এগৰাকী মহিলাৰ পৰা পালছাৰ বাইকত অহা দুজন অচিনাকি দুৰ্বৃত্তই ধনৰ বেগ কাঢ়ি উধাও হয়। জানিব পৰা মতে, নগাঁও চহৰৰ পানীগাঁও নিবাসী ববিতা শইকীয়া নামৰ মহিলা গৰাকীয়ে ষ্টেট বেংকৰ নগাঁও শাখাৰ পৰা এক লাখ টকা উলিয়াই ৰিক্সাৰে পানীগাঁও চাৰিআলিৰ দিশে আহি আছিল। ষ্টেট বেংকৰ নগাঁও শাখাৰ ওচৰৰ পৰা মহিলা গৰাকীক নিৰীক্ষণ কৰি অহা পালছাৰ বাইকত অহা যুৱক দুজনে নগাঁও চহৰৰ চলাচল হোটেলৰ সন্মুখত মহিলা গৰাকীৰ ধনৰ বেগটো থপিয়াই লৈ দ্ৰুত গতিত পলায়ন কৰে। আনহাতে, ৰিক্সাত গৈ থকা মহিলা গৰাকীৰ বেগ কাঢ়ি নিয়াৰ ফলত পথৰ ওপৰতে বাগৰি পৰে মহিলা গৰাকী। ফলত গুৰুতৰ ভাবে আহত হয় মহিলা গৰাকী। এই লৈ ৰাজপথতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে মহিলা গৰাকীৰ নগদ ১ লাখ টকাৰ নগগ ধন থকাৰ উপৰিও মবাইল ফোন, এ টি এম কাৰ্ড, আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল। মহিলা গৰাকী ব্ৰহ্মপুত্ৰ বৰ্ডৰ নগাঁও কাৰ্যালয়ৰ কৰ্মচাৰী। পিছত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত নগাঁও সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্বাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। আৰক্ষীয়ে আজিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে পৰহিও চলাচল হোটেলৰ নিচেই সমীপৰ আমোলাপট্টি শংকৰমন্দিৰ পথত এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা ১.৫ লাখ টকা পালছাৰ বাইকত অহা দুৰ্বৃত্তৰ দলে চেষ্টা চলাই যদিও সফল নহ’ল। কামপুৰৰ দেউৰী গাঁৱৰ নৰকান্ত গগৈ নামৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী জনে ষ্টেট বেংকৰ নগাঁও শাখাাাৰৰ পৰা ১.৫ লাখ টকা উলিয়াই পত্নী কণ্যাক লগত লৈ খোজকাঢ়ি যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। তদুপৰি আজিৰ পৰা তিনিদিনৰ আগতে এগৰাকী আমোলাপট্টি গনতন্ত্ৰ প্ৰেছৰ সন্মুখত এগৰাকী মহিলাৰ পৰা চেইন টানি নিয়াৰ চেষ্টা চলাইছিল। ফলত মহিলা গৰাকী আহত হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছিল। নগাঁও চহৰত এনে ধৰনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে শক্তিশালী পদক্ষেপ গ্ৰহন নকৰাত নগাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে গ্ৰহন কৰা দুৰ্বল ভুমিকাকো নগাঁৱৰ সচেতন ৰাইজে কঠোৰ সমালোচনা কৰে। নগাঁৱত সঘনাই সংঘটিত।হোৱা এনে ধৰণৰ সন্ত্ৰাসত নাগৰিক সমাজেও ক্ষুন্ন হৈ পৰিছে।

Exit mobile version