দেওমৰনৈ : দৰং জিলাৰ সদৰ স্থান মঙলদৈৰ পৰা দেওমৰনৈ-নামখলা হৈ ওদালগুৰি জিলা সংযোগী এটি গুৰুত্বপূৰ্ণ পথ হৈছে মঙলদৈ-মাজিকুছি গড়কাপ্তানী পথ । অতি ব্যস্ত পথটোৰ সম্প্ৰতি বিধ্বস্ত ৰূপে ৰাইজক বাৰুকৈয়ে দুৰ্ভোগ ভোগাইছে । মঙলদৈ আৰু ছিপাঝাৰ বিধান সভা সমষ্টিৰ মাজেৰে যোৱা পথটি মঙলদৈৰ সমষ্টিৰ অংশ ইতিমধ্যে পুণৰ পকীকৰণ হ’ল । মঙলদৈৰ পৰা নাহৰবাৰীলৈকে প্ৰায় দহ কিলোমিটাৰ পথাংশ পকীকৰণ হয় যদিও ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত পথটোৰ অধিক অংশই জৰাজীৰ্ণ হৈ পৰিছে । পুৰণি পকী পথ ভাঙি ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হোৱাৰ ফলত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে । উল্লেখ্য যে সদাব্যস্ত পথটি পুণৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিছিল । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই ২০১৮ ৰ দুই নৱেম্বৰত ছিপাঝাৰ সমষ্টিৰ বিধায়কৰ উপস্থিতিত ৰাজ্যিক স্ব- অগ্ৰাধিকাৰ উন্নীতকৰণ আঁচনিৰ অধীনত ২৩৫ ‘ ৬৬ লাখ ( দুই কোটি ৩৫লাখ, ৬৬হাজাৰ ) টকাৰ আঁচনিৰে সৰাবাৰীত আধাৰশিলা স্থাপন কৰিছিল । কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে স্থাপন কৰা আধাৰশিলাৰ ছয় উকলি যোৱাৰ পিছতো এতিয়ালৈকে পথৰ কাম আৰম্ভ নহ’ল । চৰকাৰৰ এনে কাৰ্যত সদৌ দৰং জিলা ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে পথটো পুণৰ পকীকৰণৰ ব্যৱস্থা কৰিবলৈ গড়কাপ্তানি মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে ।
বিধ্বস্ত মঙলদৈ-মাজিকুছি পথ:জীয়াতু ভুগিছে পথচাৰীয়ে
-
By publisher

- Categories: News
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026