বিলাসীপাৰা :– বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰী ১ম খণ্ড গাঁৱত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ | গাঁও খনত স্বামীয়ে নিজ পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে | অভিযোগ মতে গাঁও খনৰ মইদুল হক ওৰফে মুকুলে নিজ পত্নী আনোৱাৰা বিবিক(৩২) ডিঙি চেপি হত্যা কৰে | গাঁও খনৰ মইদুল হকে দীৰ্ঘ দিনৰ পৰা পত্নীৰ পৰিয়ালৰ পৰা ধন আৰু যৌতুক দাবী কৰি আহিছে | দাবীকৃত ধন আৰু যৌতুক নাপাই পত্নী আনোৱাৰা বিবিক বিয়াৰ পিছৰে পৰা শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ নিহত মহিলা গৰাকীৰ পৰিয়ালৰ | পৰিয়ালটোৰ মতে ইয়াৰ পৰিনতিতে মইদুল হকে যোৱা নিশা আনোৱাৰাক ডিঙি চেপি হত্যা কৰে | ইফালে হত্যাকাণ্ডৰ খবৰ পাই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সুব্ৰত সেন , ৰাণীগঞ্জ আৰক্ষীৰ লগতে দণ্ডাধীশ ছৰফৰাজ হক উপস্থিত হয় ঘটনাস্থলীত | ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই অভিযুক্ত মইদুল হক পলায়ন কৰে বুলি জানিব পৰা গৈছে | পিছত আৰক্ষীয়ে মৃতদেহ টো উদ্ধাৰ কৰি আজি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে | আনহাতে নিশাই মৃত মহিলা গৰাকীৰ ভাতৃ আতোৱাৰ ৰহমানে ৰাণীগঞ্জ আৰক্ষী চকীত হত্যাৰ অভিযোগত মইদুল হক আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে |
বিলাসীপাৰাৰ বাঘমাৰীত লোমহৰ্ষক হত্যাকাণ্ড
-
By publisher
- Categories: News
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026