আপত্তিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক শাৰিৰীক, মানসিক, অৰ্থনৈতিক হাৰাশাস্তি কৰা হৈছে

জুৰীয়াত ইছলামিক ধৰ্মীয় গুৰু মৌলানা ইউছুফ আলীৰ মন্তব্য

জুৰীয়া: “এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষা নামত বিশেষকৈ সংখ্যালঘু লোকক একাধিকবাৰ শুনানিলৈ মাতি প্ৰকৃত ভাৰতীয় নাগৰিকক শাৰিৰীক, মানসিক আৰু অৰ্থনৈতিক ভাবে হাৰাশাস্তি কৰি থকা হৈছে। বিগত কিছুদিন ধৰি এন আৰ চি বিৰোধী এটা অদৃশ্য চক্ৰ‌ই একাংশ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিলেৰে মুলতঃ এটা জনগোষ্ঠীক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।”- এই মন্তব্য ইছলাম ধৰ্মীয় এক অন্যতম বৃহৎ সংগঠন উত্তৰ-পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত আৰু নদুৱাতুৰ তামীৰৰ মুৰব্বী মৌলানা ইউছুফ আলীৰ‌। আজি নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ মাহগুৰি জামে মছজিদ প্ৰাংগণত অনুষ্ঠিত এক সংবাদ মেলত এইদৰে মন্তব্য কৰি ধৰ্মীয় গুৰুজনে কয় যে, এটা দুষ্ট চক্ৰ‌ই এন আৰ চি প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰি তোলাৰ বাবে অহৰহ চেষ্টা চলাই আছে। কিয়নো আপত্তি আবেদন দাখিল কৰিও কোনো এগৰাকী আপত্তিকাৰী শুনানি প্ৰক্ৰিয়াত অংশ লোৱা নাই। ই এক গৰিহণাৰ যোগ্য কাম বুলি মন্তব্য কৰি তেওঁ কয় যে, আমি এন আৰ চি বন্ধ হোৱাটো কোনো কাৰণতে নিবিচাৰোঁ আৰু এই প্ৰক্ৰিয়া বন্ধ হ’বলৈ দিয়া নহয়। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে।ইছলামিক ধৰ্মীয় গুৰু মৌলানা ইউছুফে চৰকাৰক আহ্বান জনাই পুণৰ কয় যে, এন আৰ চি প্ৰক্ৰিয়া বাধাগ্ৰস্ত কৰিব বিচৰা শক্তিক চৰকাৰে কঠোৰ হাতেৰে দমন কৰা উচিত। যদিহে এন আৰ চি বন্ধ হ’ব পৰা কোনো পৰিস্থিতি উদ্ভৱ হয়, তেন্তে ইয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি নদুৱাতুৰ তামীৰৰ উদ্যোগত আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব । তেওঁ শুনানিৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ লগতে দল-মত নিৰ্বিশেষে সকলো পক্ষক যোগাত্মক দৃষ্টিভংগীৰে বিবেচনা কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চি প্ৰাপ্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায়। বৰাক উপত্যকাৰ বাসিন্দা মৌলনা ইউছুফে হাইলাকান্দিত জুম্মাৰ শুকুৰবৰীয়া নামাজক লৈ সৃষ্টি হোৱা অবাঞ্চিত পৰিস্থিতিক দুৰ্ভাগ্যজনক ঘটনা আখ্যা দি কয় যে, সকলোৱে সংযমতা ৰক্ষা কৰা উচিত। এই ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে যথোচিত পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ বৰাক ভেলিত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ চেষ্টা কৰা উচিত। সংবাদ মেলত অংশগ্ৰহণ কৰি ধৰ্মীয় সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক চৌধুৰী ওচামা মাহবৰে এন আৰ চিৰ শুনানি প্ৰক্ৰিয়াত চলি থকা ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে, তেওঁৰ পিতৃ একালৰ বিধায়ক আছিল। তৎস্বত্তেও তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে আপত্তিৰ জাননী লাভ কৰি শুনানিত অংশগ্ৰহণ কৰি যাৱতীয় নথি-পত্ৰ প্ৰদৰ্শন কৰা হৈছে। এয়া এক হাৰাশাস্তিৰ বাহিৰে আন একো নহয় । সংবাদ মেলখনত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি মৌলানা বাহাৰুল ইছলামে এন আৰ চিৰ আপত্তি পৰ্যায়ত সম্প্ৰতি বিৰাজ কৰা অৰাজক পৰিস্থিতিৰ বাবে শাসকীয় দলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী জৰিত থকাৰ গুৰুতৰ অভিযোগ কৰে। শংকৰ-আজানৰ ৰাজ্যত যাতে সকলো লোকৰ মাজত শান্তি-সম্প্ৰতি অটুট থাকে, তাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হস্তক্ষেপ বিচাৰে আমছাৰ সভাপতি গৰাকীয়ে। অন্যথা এন আৰ চিৰ আপত্তিক লৈয়ে অসমত অশান্তিৰ পৰিৱেশ সৃষ্টি হ’ব পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে। এই সংবাদ মেলত নদুৱাতুৰ তামীৰৰ নগাঁও জিলা সমিতিৰ সভাপতি মৌলানা আব্দুল হালিম, সাধাৰণ সম্পাদক আলহাজ চয়দ আলী, আমছাৰ উপদেষ্টা মোস্তাফা কামালকে ধৰি বহু কেইগৰাকী ধৰ্মীয় নেতাই অংশগ্ৰহণ কৰে। ,,,,,

Exit mobile version