গোৱালপাৰাত ই -ৰিক্সা চালকক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতি

4 2

মাটিয়া : গোৱালপাৰা চহৰৰ যানবাহন আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কেইদিনমান পূৰ্বে এগৰাকী ই -ৰিক্সা চালকে আত্মহত্যাৰ চেষ্টা চলোৱাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি পুনৰ এগৰাকী ই- ৰিক্সা চালকক মাৰপিট কৰাকলৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাৰ বিৱৰণীমতে আজি দুপৰীয়া ই-ৰিক্সা চালক লালচান আলীয়ে নিজৰ ৰিক্সা খনলৈ চহৰৰ নতুন বজাৰৰ গোয়ালটুলী পথত ৰখোৱাৰ লগে লগে যানবাহন নিয়ন্ত্ৰনৰ আৰক্ষী বিষয়া সুজিত দেৱৰায়ে অনুজ্ঞা পত্ৰ বিচাৰি নাপাই মাৰপিট কৰে। আৰক্ষী বিষয়াৰ চৰ খাই লালচানে সন্থাৰ বিষয়ববিয়াক অৱগত কৰে। এই বিষয়ে অৱগতহৈ গোৱালপাৰা জিলা ই-ৰিক্সা চালক সন্থাৰ সভাপতি ননী দাস সহ অৰ্ধশতাধিক ই – ৰিক্সা চালক ঘটনাস্থলীত উপস্থিত হয় আৰু ট্ৰেফিক কন্ট্ৰল ৰুমৰ কাষত আৰক্ষী বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰনৰ শ্লোগানেৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে । প্ৰতিবাদকাৰী সকলে ” আৰক্ষী বিভাগ হায় হায়, ট্ৰেফিক আৰক্ষী বিষয়া সুজিত দেৱৰায় মুৰ্দাবাদ, ই – ৰিক্সা চালকৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ নচলিব, আদি বিভিন্ন শ্লগানেৰ প্ৰতিবাদ জনায় । পৰিবেশ উত্তাল হোৱাত গোৱালপাৰা সদৰ আৰক্ষীৰ লগতে জিলা উপ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ লগতে ই -ৰিক্সা চালক সকলৰ ওপৰত হাৰাশাস্তি কৰা নহয় আৰু ট্ৰেফিক আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্রদান কৰে ।

Exit mobile version