নগাঁৱত সত্ৰাধিকাৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে সন্দেহযুক্ত লোকৰ জাননী : শুনানিত অংশ লবলৈ সদুৰ আমেৰিকাৰ পৰা আহিছে সত্ৰাধিকাৰৰ ভাতৃ

33

nrcআপত্তি আবেদনক লৈ দুষ্ট চক্ৰৰ ষড়যন্ত্ৰ

নগাঁও : উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চিৰ দাবী-আপত্তি পৰ্যায়তৰ শুনানি প্ৰক্ৰিয়াত কেতবোৰ নাৰ্ভুত-নাশ্ৰুত কাণ্ড সংঘটিত হোৱাৰ তথ্য নিতৌ পোহৰলৈ আহিছে। ইতিমধ্যে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাতো বহু পুৰণি তথা সন্মানীয় লোকৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল হোৱাত এন আৰ চিৰ সম্পূৰ্ণ তালিকাত প্ৰকাশ পোৱাৰ পিছতো নাগৰিকসকলে শুনানিত অংশ গ্ৰহণ কৰিব লগা হৈছে। ইমানেই নহয় একাংশ পৰিয়ালৰ শিশুৰ নামতো সন্দেহযুক্ত নাগৰিকৰ জাননী লাভ কৰাক লৈ সমগ্র ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে একাংশ অবুজ শিশুৱে বিগত দুদিন পুৰ্বে জিলাখনৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাতে হাতে প্লে কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা হৈছে। সকলো লোকৰ অন্তৰ চুই যোৱা এই কাৰ্যসূচীত অংশ লোৱা শিশুসকলে প্ৰদৰ্শন কৰা প্লে কাৰ্ডত আনকি এই বুলি উল্লেখ কৰিছে যে, “হে মহান সেৱকসকল, আমাক মানুহ হিচাপে গণ্য কৰি বিশ্বাসত লৈ সুস্থ, সবল অসম গঢ়ক। সদায় ডাঙৰ কাকাই হিচাপে সেৱা কৰি যাম, কথা দিলোঁ। ” ইতিমধ্যে শিশুসকলৰ এই আন্দোলন কাৰ্যসূচীৰ দৃশ্য‌ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইপিন, অকল ধৰ্মীয় তথা ভাষিক সংখ্যালঘু লোকেই নহয় একাংশ খিলঞ্জীয়া নাগৰিকেও হাৰি যোৱা নাই বাংলাদেশীৰ ভুতে খেদা একাংশ দল-সংগঠনৰ নেতাৰ ভূূৱা আপত্তি আবেদনৰ পৰা। প্ৰাপ্ত তথ্য মতে, নগাঁও চহৰৰ আমোলাপট্টিস্থ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ গোস্বামীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে সন্দেহযুক্ত নাগৰিক হিচাপে আপত্তি আবেদনৰ ভিত্তিত জাননী লাভ কৰিছে। দুলাল শৰ্মা নামৰ এজন অখ্যাত এজন লোকে সত্ৰাধিকাৰ গৰাকীৰ ভাতৃ প্ৰবোদ গোস্বামীৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰিছে। যাৰ ফলত পৰিয়ালটোৰ ৪৫ জনকৈ সদস্য‌ই যোৱা ১০ মে’ত নগাঁও জিলাৰ শিঙিমাৰী স্বাস্থ্য উপ কেন্দ্ৰত থকা শুনানি কেন্দ্ৰত উপস্থিত হৈ শুনানিত অংশগ্ৰহণ কৰিব লগা হৈছে। ইয়াৰ বাবে সত্ৰাধিকাৰ গৰাকীৰ জেষ্ঠ ভাতৃ ডাঃ নিপানন্দ গোস্বামী নিজৰ কৰ্মস্থান সুদূৰ আমেৰিকাৰ পৰা আহিব লগা হৈছে। ইতিমধ্যে সত্ৰাধিকাৰ গৰাকীয়ে ছচিয়েল মিডিয়া ফেচবুক যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভ উজাৰিছে। উল্লেখ্য যে নগাঁৱত আপত্তিৰ জাননী লাভ কৰা অধিকাংশ লোকে ভুৱা আপত্তিকাৰীৰ কবলত পৰি অযথা হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ অহাত সমগ্ৰ জিলাজুৰি সৰ্ব স্তৰৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Exit mobile version