বকোত ডাইনী সন্দেহত এহাল দম্পতিক ৰাজহুৱা প্ৰহাৰ:: আৰক্ষীৰ প্ৰচেষ্টাত উদ্ধাৰ দম্পতিহাল

boko

বকো: ডাইনী সন্দেহত এহাল দম্পত্তিক ৰাজহুৱা বাবে প্ৰহাৰ কৰা এক নিৰ্মম ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে কামৰুপ জিলাৰ বকোত ৷ বকো থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো বসতি প্ৰধাণ অঞ্চলত দ’গাঁৱত সংঘটিত হয় এক হৃদয় বিদাৰক চাঞ্চল্যকৰ ঘটনা । দ’গাঁৱৰ এহাল দম্পতিক ডাইনী সন্দেহত আৱদ্ধ কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰা ঘটনাটোৱে সমগ্ৰ দক্ষিণ কামৰূপত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত বাতৰি মতে, দ’গাঁওৰ লুইণ্ড চাংমা(৭৫) আৰু তেওঁৰ পত্নী প্ৰিটিলা চাংমা (৬৫)’ক গাঁওখনৰ একাংশ ৰাইজে ডাইনী সন্দেহত প্ৰহাৰ কৰাৰ লগতে আৱদ্ধ কৰি ৰাখে ৷ এই সন্দৰ্ভত খৱৰ পাই বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে । সম্প্ৰতি দম্পতীহালক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰিছে আৰক্ষীয়ে ৷ অন্ধ বিশ্বাসৰ বলি হৈ ৰাজহুৱা সভাৰ আয়োজন কৰিছিল একাংশই ৷ ঘটনাস্থলীত আৰক্ষী সময়মতে উপস্থিত হোৱাতহে দম্পতি হালৰ প্ৰাণ ৰক্ষা পৰে ৷ উল্লেখ্য যে,দম্পতীহালক চিকিৎসালয়ত খবৰ এটা কৰিবলৈ গাওঁবাসীৰ কথা বাদেই সতি সন্তানেও পিতৃ-মাতৃক খবৰ লবলৈ নাহিল। ঘটনা সন্দৰ্ভত প্ৰিটিলা চাংমাই দুখেৰে কয় যে, ডাইনী সন্দেহত কালি বিয়লি স্বামী- স্ত্ৰীক গাওঁখনৰ প্ৰায় ৫|৬জন লোকে শাৰীৰিকভাবে প্ৰহাৰ কৰে। দুয়োকে শৰীৰৰ বিভিন্ন অংগত প্ৰহাৰ কৰাত দুয়ো গুৰুতৰভাবে আহত হৈ পৰে। গাওঁবাসীৰ হেচাত পৰিয়ালৰ লোকসকল দুয়োকে খবৰ লবলৈ চিকিৎসালয়ত উপস্থিত হবলৈ সাহস কৰা নাই বুলিকান্দোনত ভাঙি পৰে।

Exit mobile version