চামগুৰি :বন্দী শিৱিৰতএগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি অাজি নগাঁও জিলাৰ চামগুৰি বিধান সভা সমষ্টিৰ অামবাগানৰ পুৱ শোৱালনী গাঁৱত ব্যাপক উত্তেজনাৰ সৃষ্টি হয় ।ৰূপহীহাট অাৰক্ষী থানাৰ অৰ্ন্তগত গাঁও খনৰ বসুদেৱ বিশ্বাস(৫৪) নামৰ লোক জনৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই এই উত্তেজনাৰ সৃষ্টি হয় ।অাৰক্ষী প্ৰশাসনে অাইন শৃংখলাৰ অৱনতি ঘটাৰ অাশংকাত বৃহৎ সংখ্যক অাৰক্ষী অাৰু অৰ্দ্ধ সামৰিক বাহিনী পুৱ শোৱালনী গাঁৱত মোতায়ন কৰে । তেজপুৰ বন্দী শিৱিৰত অসুস্থ হোৱাৰ পাছত লোক জনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি অাৰক্ষীয়ে জনায় ।অাজি দিনৰ দুই বজাত লোক জনৰ মৃতদেহ পুৱ শোৱালনীৰ নিজা বাসগৃহত চমজাই দিবলৈ অাহোতে গাঁও খনৰ লোক সকল জাঙুৰ খাই উঠে ।ৰাইজৰ তথা গাঁৱৰ লোক সকলৰ অভিযোগ স্বদেশী লোক এজনক চাৰি বছৰ পুৰ্বে নিশা অাৰক্ষীয়ে চোৰৰ দৰে ঘৰৰ পৰা জীৱিত অৱস্থাত উঠাই নিছিল ।গতিকে এতিয়া লোক জনক জীৱিত অৱস্থাত ঘুৰাই দিয়ক ।স্থানীয় ৰাইজ তথা লোক জনৰ পৰিবাৰে “দৈনিক অগ্ৰদূত”ক জনোৱা মতে বসুদেৱ বিশ্বাসে প্ৰতিটো নিৰ্বাচনত ভোট দি অাছিল ।তেঁওলোকে বসুদেৱক নিৰ্বাচন অায়োগে প্ৰদান কৰা ভোটাৰ পৰিচয় পত্ৰ,ৰেচন কাৰ্ড,মাটিৰ কাগজ পত্ৰও প্ৰদৰ্শন কৰে ।বসুদেৱ বিশ্বাসৰ ভোটাৰ পৰিচয় পত্ৰৰ নম্বৰ হ’ল ডি এল ক্যিউ ৯১৩৯৭২৪।ৰাইজৰ দাৱী তথা যুক্তি হ’ল অাৰক্ষীয়ে চাৰি বছৰ পুৰ্বে বাংলাদেশী বুলি নিশা ঘৰৰ পৰা ধৰি নিছিল ।গতিকে এতিয়া বাংলাদেশী মানুহ এজনক কিয় অামবাগানলৈ মৃত্যুৰ পিছত লৈ অাহিছে ।বাংলাদেশী বুলি ধৰি নিয়া লোক জনৰ মৃতদেহ বাংলাদেশলৈ লৈ যাওক ।এই যুক্তি অাৰক্ষী প্ৰশাসনক অাগত কৈ মৃতদেহ চমজি লোৱা নাই পৰিয়াল তথা গাঁৱৰ লোক সকলে ।ৰাইজৰ যুক্তি অাটকাধীন লোক জন অসুস্থ হৈ থকাৰ কথা অাৰক্ষী প্ৰশাসনে কিয় পৰিয়ালক নজনালে ।স্বদেশী লোক এজনক বাংলাদেশী বুলি ধৰি নি এতিয়া কুকুৰ,মেকুৰীৰ দৰে মৰাৰ পিছত কিয় চমজাই দিবলৈ অাহিছে ।উত্তেজিত লোক সকলক কলিয়াবৰ মহকুমা দণ্ডাধীশ বাৰ্বি হাজৰিকাই বুজনি দিবলৈ চেষ্টা কৰে যদিও প্ৰথম অৱস্থাত ব্যৰ্থ হয় ।অাৰু উত্তেজিত লোকে বসুদেৱ যদি বাংলাদেশী হয় তেঁওৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক ।অাৰু যদি ভাৰতীয় হয় জীৱিত অৱস্থাত ধৰি নিয়া লোক জনৰ মৃতদেহ জীৱিত অৱস্থাত ঘুৰাই দিয়ক বুলি কৈ নাচোৰবান্দা হৈ থাকে ।
বন্দী শিৱিৰত বিচৰাৰাধীন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি অামবাগানত উত্তেজনা :মৃতদেহ চমজি লোৱা নাই পৰিয়ালে
-
By publisher

ADVERTISEMENT
- Categories: Uncategorized
Related Content
Anganwadi Centre :শিঙিমাৰী গাঁৱত অংগনৱাদী কৰ্মী বাচনি প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ গাঁওবাসীৰ
By
publisher
May 13, 2025
Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত
By
publisher
May 12, 2025
নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি
By
publisher
May 9, 2025
Operations Sindoor: 'অপাৰেছন সিন্দূৰ' নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
By
publisher
May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
By
publisher
May 8, 2025