মাজুলীত ভকত চাপৰিৰ খহনীয়া অঞ্চল পৰিদৰ্শন মূখ্যমন্ত্ৰীৰ

3 2

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কামৰ গুণমান ভাল হোৱা নাই: সেয়ে ভকত চাপৰিত এনে অৱস্থা হৈছে

ব‌ৰ্হ্মপুত্ৰ বৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আজি দুপৰীয়া মাজুলীৰ ভকত চাপৰিত ব্ৰহ্মপুত্ৰ বোৰ্ডে খহনীয়া প্ৰতিৰোধ আঁচনিৰ অধীনত কৰা জিঅ’ বেগ সংস্থাপন কাৰ্য পৰিদৰ্শন কৰে। মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া-অভিযন্তাক লগত লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নিমাতিঘাটৰ পৰা ৰ’-ৰ’ জাহাজেৰে আহি পোনে পোনে ভকট চাপৰি অংশত বোৰ্ডৰ কাম-কাজ চাবলৈ যায়। পৰিদৰ্শনৰ পাছতে মুখ্যমন্ত্ৰী শ্ৰীযুত সোণোৱাল ব্ৰহ্মপুত্ৰ বোৰ্ডৰ আঁচনি ৰূপায়ণ কাৰ্যত পৰিলক্ষিত হোৱা বিসংগতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কামৰ গুণমান ভাল হোৱা নাই। সেয়ে ভকত চাপৰিত এনে অৱস্থা হৈছে। এই আঁচনিখনৰ কামত ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব। মই এই বিষয়ে লগে লগেই জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে বোৰ্ডক নিৰ্দেশ দিছো।” জিঅ’ বেগ সংস্থাপনত হোৱা অনিয়ম আৰু বিসংগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মই মাজুলীবাসীৰ প্ৰতিনিধি হিচাপে মাজুলীৰ ৰাইজৰ জীৱন-সম্পতিৰ সুৰক্ষাৰ দিশত যিকোনো পদক্ষেপ ল’বলৈ প্ৰস্তুত আছো। কোনোবা অভিযন্তাই কামত গাফিলতি কৰিছে যদি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষক কৈছো। বোৰ্ডে কাম ভালদৰে কৰিবই লাগিব। ইয়াত ফাঁকি মাৰিলে নহ’ব।’

Exit mobile version