ডুমডুমা: ভাৰতৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ম্যানমাৰত শিবিৰ পাতি থকা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহক উৎখাত কৰাৰ বাবে ম্যানমাৰ সেনাই যোৱা ফেব্ৰুৱাৰী মাহত চলোৱা অভিযানৰ পাছত চলিত বৰ্ষতো প্ৰায় ১৯ জন আলফা সদস্যই আত্মসমৰ্পণ কৰিছে ৷ ম্যানমাৰৰ ঘন বনাঞ্চলত স্থাপিত টাডা কেম্পৰ পৰিচালকৰ দায়িত্ব ভাৰ লাভ কৰা দুধৰ্ষ আলফা মৃদুল বুঢ়াগোহাঁইয়ে সশস্ত্ৰ সংগঠনটোক কুঠাৰঘাট কৰি অসম আৰক্ষীৰ ওচৰত আজি আত্মসৰ্ম্পন কৰিলে ৷ আলফাৰ দুধৰ্ষ নেতাজনে আজি শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসৰ্মপণ কৰে ৷ আলফা স্বাধীনৰ ম্যানমাৰৰ টাডা কেম্পৰ পৰিচালকৰ দায়িত্বত থকা মৃদুল বুঢ়াগোহাঁই(৩৬) ওৰফে দেৱজিৎ অসম ওৰফে বিক্ৰম চাউদাঙে ম্যানমাৰ সেনাই আলফা স্বাধীনৰ কেম্পত অতৰ্কিতে আক্ৰমণ চলোৱাৰ পিছতে সংগঠনৰ আন সদস্যসকলৰ সৈতে পলায়ন কৰি অসম আৰক্ষীৰ ওচৰত আত্মসৰ্ম্পন কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ বুঢ়াগোহাঁইৰ ঘৰ শদিয়া সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চপাখোৱা গাঁৱত ৷ বৰ্তমান আলফা নেতাজন মেলেৰীয়া ৰোগত আক্ৰান্ত ৷ বুঢ়াগোহাঁইৰ সতীৰ্থ আলফা ডিৰাক সোণজান গাৱঁৰ বাবুল মৰাণ (২৬) ওৰফে টিগাৰ অসম, জাগুনৰ বিনোদ দহোটীয়া(২৪) ওৰফে স্বদেশ অসম আৰু চন্দ্ৰকান্ত বৰগোহাঁই(২৮) ওৰফে টিপং অসমক জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ ওচৰত আত্মসৰ্ম্পণ কৰে ৷ এই তিনি আলফা সদস্যই আৰক্ষী অধীক্ষকৰ ওচৰত এটা একে-৮১, এটা একে-৫৬, এটা এইছ কে-৩৩ ৰাইফল, একে-৮১ ৰাইফলৰ ৫ জাই সক্ৰিয় গুলী, তিনিজাই এইছ কে-৩৩ ৰাইফলৰ গুলী, একে-৫৬ ৰাইফলৰ এটা মেগজিন, চীনত নিৰ্মীত দুটা হেণ্ড গ্ৰেনেড, ৭.৬২ এম এম পিষ্টলৰ ২৭৯ ৰাউণ্ড সক্ৰিয় গুলী, ৫.৫৬ এম এম পিষ্টলৰ ১৪৬ ৰাউণ্ড সক্ৰিয় গুলীকে আদি সামগ্ৰী জমা দিয়ে ৷
ম্যানমাৰত আলফা (স্বাঃ)ৰ টাডা কেম্পৰ পৰিচালকৰ দায়িত্বত থকা মৃদুল বুঢ়াগোহাঁইসহ ৪ জনৰ আত্মসমৰ্পণ
-
By publisher
Related Content
JUI State Executive Meeting In Tinsukia:তিনিচুকীয়াত জার্নেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আয়োজন
By
publisher
November 23, 2024
Apcc President Bhupen Kumar Bora:চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ প্ৰদেশ কংগ্ৰেছ কমিটিৰ
By
publisher
November 23, 2024
Assam Sanmilita Morcha:অসম মিত্ৰজোটৰ প্ৰতিক্ৰিয়া
By
publisher
November 23, 2024
Wayanad Lok Sabha Bypoll Result 2024: Priyanka Gandhi Wins By Over 4 Lakh Votes:কেৰেলাৰ ৱায়ানাডত বৃহৎ জয়লাভ প্ৰিয়ংকা গান্ধীৰ
By
publisher
November 23, 2024
Agp Reaction:সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত
By
publisher
November 23, 2024