লক্ষীপুৰ/মাটিয়া : আজি ঘোষিত অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ ৰাখালডুবি হাই মাদ্ৰাছাৰ ছাত্ৰ ছেলিম আহমেদে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে প্ৰথম স্থান লাভ কৰি জিলাখনৰ লগতে ৰাখালডুবি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।পশ্চিম গোৱালপাৰাৰ মাৰকুলা হাইস্কুলৰ সহকাৰী শিক্ষক তথা ৰাখালডুবি গাওঁৰ বাসিন্দা আশান আলী আৰু গৃহিনী ছাহেৰা খাতুনৰ পুত্ৰ ছেলিম আহমেদে অসমীয়াত ৪৫, ফিকাত ৪২,ইংৰাজীত ৯১, সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯০ আৰু আৰবি সাহিত্যত ৯৫ মুঠ ৫৬১ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰে । প্ৰথম স্থান পাই উৎফল্লিতহৈ পৰা মেধাবী ছাত্ৰ গৰাকীয়ে কয়,’ স্থান পাম বুলি আশা কৰিছিলো যদিও প্ৰথম স্থান পাম বুলি ভৱা নাছিলো৷’ দৈনিক গঢ়ে ৮ ৰ পৰা ১০ ঘন্টালৈকে অধ্যায়ন কৰা ছেলিম আহমেদে কয়যে তেওঁৰ পঢ়া- শুনাৰ কোনো নিৰ্দ্দিষ্ট সময়সীমা নাছিল ৷ কিন্তু যেতিয়াই ইচ্ছা হৈছিল তেতিয়াই তেওঁ পঢ়িবলৈ বহিছিল বুলি মন্তব্য কৰে ৷নতুন প্ৰজন্মক পঢ়া- শুনাৰ সময়খিনত মনোযোগেৰে পঢ়িবলৈ পৰামৰ্শ দিয়ে৷সূখ্যতিৰে উৰ্তীৰ্ন হোৱা ছেলিম আহমেদে ভৱিষ্যতে এগৰাকী সু -চিকিৎসক হোৱাৰ আশা ব্যক্ত কৰে ৷ ছেলিমে কয়যে, মাদ্ৰাছাখনত শিক্ষক- শিক্ষযত্ৰী কম থকা স্বত্বেউ তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰি পঢ়াই ছাত্ৰ – ছাত্ৰী সকলক আগুৱাই যাবলৈ অনুপ্ৰানিত কৰিছিল ।
হাই মাদ্ৰাছাৰ ফলাফলত শীৰ্ষ স্থানত উত্তীৰ্ণ ৰাখালডুবি হাই মাদ্ৰাছাৰ শিক্ষাৰ্থী : গৌৰৱান্বিত অঞ্চলবাসী
-
By publisher

- Categories: News
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026