নগাঁও :শিক্ষা গ্ৰহণ আৰু অধ্যয়নত দৰিদ্ৰ কেতিয়াও হেঙাৰ নহয়। এই কথা প্ৰমাণ কৰি দেখুৱালে নগাঁও জিলাৰ নাহৰহতীয়া ছাত্ৰ জোনমনি দাসে। কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনি বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ৰং মিস্ত্ৰী কমলেশ্ব দাস আৰু শুভদ্ৰা দাস পুত্ৰ জোনমনিয়ে কঠোৰ জীৱন সংগ্ৰামৰ মাজেদি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ গৰাকীয়ে স্থানীয় ৰাইদঙীয়া হলিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। কোনো মতে, জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ শুভদ্ৰা দাসে স্থানীয় আত্মসহায়ক গোটৰ পৰা ঋণ লৈ পুত্ৰ জোনমনিক অধ্যয়নৰ সুবিধা কৰি দিছিল। টিউচন অবিহনে জোনমনিয়ে এই সফলতা লাভ কৰিছে। নগাঁৱত বানিজ্য শাখাত নাম ভৰ্তি কৰি এগৰাকী বেংক বিষয়া হোৱাৰ মন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ গৰাকীৰ। ইপিনে, কালিৰ ফলাফলত দৰিদ্ৰতাক নেউচি উজ্বলি উঠিল নগাঁৱৰ ছোনিয়া দাস নামৰ ছাত্ৰী গৰাকী। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী ছোনিয়াৰ পিতৃ পেছাত এগৰাকী গাড়ীৰ পৰিচালক ৷ মাতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰে৷ নিজৰ কোনো মাটি ভেটি নাইকিয়া এই পৰিয়ালটোৱে নগাঁও চহৰৰ সমীপৰ মাজৰআটিৰ এটি সৰুভাৰা ঘৰত থাকে। কালিৰ ফলাফলত পাঁচটা বিষয়ত লেটাৰসহ ডিষ্টিংচন নম্বৰ লাভ কৰি পিতৃ মাতৃৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ছোনিয়াৰ ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন। এইদৰে দুগৰাকী শিক্ষাৰ্থীৰ এনে সফলতাত দুয়োৰে জন্মস্থানত আনন্দৰ বন্যা বৈছে।
ৰং মিস্ত্ৰীৰ পুত্ৰ জোনমনি- হেণ্ডিমেনৰ জীয়ৰী ছোনিয়াৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী
-
By publisher

- Categories: News
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026