নগাঁও: গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত আজি এজন যুৱকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন ইন্দ্ৰ মোহন বৰা বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে। এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গুৱাহাটীৰ বিষ্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ এক খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে কালি ইন্দ্ৰ মোহন বৰাৰ পুৰণিগুদামৰ কঢ়ালী গাৱঁৰ শহুৰেকৰ ঘৰত তেওঁ আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি অভিযান চলাইছিল যদিও আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম নহ’ল। আনকি আজি পুৱতি নিশাও একেটা স্থানত আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। অৱশেষত আজি বিয়লিৰ ভাগত তেওঁৰ নিজৰ বাসগৃহ পুৰণিগুদাম চলচলিৰ পৰা আৰক্ষীয়ে অভিযান চলাই তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁক মৰাথান জেৰা চলোৱাৰ পিছত তেওঁ গুৱাহাটীৰ ঘটনাৰ লগত জৰিত থকাৰ কেতবোৰ ক্লু’ লাভ কৰে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে তেওঁৰ পৰা এখন মটৰচাইকেল, এটা মবাইল হেণ্ড চেট, চিম কাৰ্ড আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনকি, তেওঁৰ পৰা উদ্ধাৰ হোৱা মবাইল ফোনটো পৰীক্ষা নিৰীক্ষা চলোৱাৰ পিছত বৰাই চছিয়েল মিডিয়া যোগে কুটাঘাতমুলক কাৰ্য চলোৱাৰ কেতবোৰ আপত্তিজনক কথা বতৰা পতাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে। তদুপৰি, গুৱাহাটীৰ ঘটনাটোৰ মাষ্টৰ মাইণ্ড নিৰ্দিষ্ট যুৱকজনৰ লগতো সঘনাই বাৰ্তালাভ হোৱাৰ ওপৰিও সেই নিৰ্দিষ্ট যুৱকজন ধৃত ইন্দ্ৰ মোন বৰাৰ চলচলিৰ বাসগৃহত কিছুদিন পুৰ্বে থাকি গৈছিল। উল্লেখ্য যে গুৱাহাটীৰ ঘটনাৰ লগত আলফা স্বাধীন জড়িত থকাৰ কথা ইত্যাদি আলফা স্বাধীনে স্বীকাৰ কৰিছে। ইপিনে, আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰা মতে, ইন্দ্ৰ মোহন বৰাই আলফা স্বাধীনত আনুষ্ঠানিক ভাৱে যোগদান কৰা নাই যদিও যোৱা জানুৱাৰী মাহৰ পৰাই আলফাৰ লগত সম্পৰ্ক ৰক্ষা কৰি আহিছে। আনকি, তেওঁ আলফা সদস্য অন্তৰ্ভুক্তিৰ ক্ষেত্ৰততো কাম কৰি আহিছে। আৰক্ষীৰ জেৰাত ধৃত যুৱকজনে বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে সেই কথা সদৰি কৰিব বিচৰা নাই।
গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত জড়িতৰ অভিযোগত নগাঁৱৰ ইন্দ্ৰ মোহন বৰাক গ্ৰেপ্তাৰ:জেৰা অব্যাহত
-
By publisher

- Categories: News
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026