ভূটান – ছিকিম, পশ্চিমবংগৰ ভক্ত – ধৰ্মগুৰুৰ সমাগমেৰে উখল মাখল ভাৰত ভূটান সীমান্তৱৰ্তী সৰলপাৰা

IMG 20190518 WA0076

**২৫৬৩ সংখ্যক  বুদ্ধ জয়ন্তী উদযাপন

**সদুৰ থাইলেণ্ডৰ পৰা অনা বুদ্ধৰ অস্থি প্ৰদৰ্শন

কোকৰাঝাৰ :  কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী সৰলপাৰাৰ জিয়াং চুপ চাউলিং গুম্ফাত আজি দিনজোৰা কাৰ্যসূচীৰে পৱিত্ৰ বুদ্ধ জয়ন্তী উদযাপন কৰা হয় । ছিকিম , পশ্চিমবংগৰ উপৰিও বহি:ৰাষ্ট্ৰ ভূটানৰ পৰা অহা লামা(পুৰোহিত) , ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অতি ভক্তিভাৱেৰে সৰলপাৰাত উদযাপন হোৱা ২৫৬৩ তম  বুদ্ধ জয়ন্তী উপলক্ষে ধৰ্মপুথি মুৰত লৈ ভক্তপ্ৰাণ ৰাইজে এক শোভাযাত্ৰাও বাহিৰ কৰে। ইয়াৰোপৰি বুদ্ধ জয়ন্তী উপলক্ষে সৰলপাৰাস্থিত জিয়াং চুপ চাউলিং গুম্ফাত বুদ্ধৰ প্ৰতিমাও স্থাপন কৰা হয় । ঐতিহ্যমণ্ডিত সৰলপাৰাৰ জিয়াং চুপ চাউলিং গুম্ফাত বুদ্ধ জয়ন্তী উপলক্ষে এক ধৰ্মসভাও অনুষ্ঠিত হয় । জিয়াং চুপ চাউলিং গুম্ফাৰ মুখ্য উপদেষ্ঠা সন্তোষ পাখৰীনৰ পৰিচালনাত অনুষ্ঠিত হোৱা উক্ত ধৰ্মসভাত ভূটান , ছিকিমৰ কেবাগৰাকী বৌদ্ধ ভিক্ষুৱে অংশগ্ৰহণ কৰি অহিংসা , প্ৰেমৰ ডোলেৰে বান্ধ খাই সকলোৱে শান্তি , ভাৰ্তৃত্ববোধ বৰ্তাই ৰাখিবলৈ আহ্বান জনায় । ধৰ্মসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন এমচিএলএ মাধৱ কাৰ্কীয়ে নিজ ভাষণত সমাজত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ হকে মতপোষণ কৰি ভগৱান বুদ্ধৰ মহানতাক স্মৰণ কৰে । উক্ত ধৰ্মসভাত গোৰ্খা ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰাজু ছেত্ৰীও উপস্থিত থাকে । উল্লেখ্য যে ইয়াৰ পূৰ্বে সৰলপাৰাস্থিত জিয়াং চুপ চাউলিং গুম্ফাত বুদ্ধ জয়ন্তী উপলক্ষে সুদুৰ থাইলেণ্ডৰ পৰা অনা বুদ্ধৰ অস্থি প্ৰদৰ্শন কৰা হয় । বৌদ্ধ ধৰ্মীয় লোকসকলে ভগৱান  বুদ্ধৰ অস্থি প্ৰত্যক্ষ কৰি ধৰ্মীয় ভক্তত গদ গদ হৈ পৰে । আনহাতে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও ভূটান, নেপাল আদি বহিঃৰাষ্ট্ৰৰ পৰা অজস্ৰ বৌদ্ধ ধৰ্মী লোক আহি ভগৱান বুদ্ধক আৰাধণা কৰে । এক উৎসৱ মুখৰ পৰিৱেশত নৱপ্ৰতিষ্ঠিত ভগৱান বুদ্ধৰ প্ৰতিমাক বৌদ্ধ ভিক্ষুসকলে পূজা অৰ্চনা কৰি সকলোৰে মংগল কামনা কৰে ৷ ধৰ্মীয় প্ৰাৰ্থনা, বন্তি প্ৰজ্জলন আদিৰ পিছত মুৰত ধৰ্মীয় গ্ৰন্থ লৈ শোভাযাত্ৰা উলিওৱা হয় ৷ প্ৰায় কেবাশতাধিক বৌদ্ধ ধৰ্মালম্বী লোকে শোভাযাত্ৰাত অংশগ্ৰহন কৰি বৌদ্ধৰ প্ৰেম আৰু ভাতৃত্বৰ বাণী বিলায় ।

Exit mobile version