মোদীৰ চুনামিৰ মাজতো অক্ষুন্ন কলিয়াবৰত কংগ্ৰেছ দুৰ্গ

ss 2

দ্বিতীয় বাৰলৈ লোকসভালৈ নিৰ্বাচিত গৌৰৱ গগৈ

নগাঁও :কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ গোপন মিত্ৰতাই গৌৰৱ গগৈৰ বাবে মহৌষধ হৈ পৰিল কলিয়াবৰ লোকসভা সমষ্টিত।ইয়াৰ সুবাদতে ১১নম্বৰ কলিয়াবৰ লোকসভা সমষ্টিত পুনৰ উৰিল কংগ্ৰেছৰ বিজয় পতাকা।আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি কলিয়াবৰ লোকসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক ২,০৬,৪৫৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় বাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছে।কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৭,৭৬,৭৭১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজিত প্ৰাৰ্থী অগপ-বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৫,৭০,৩১৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।গৌৰৱ গগৈৰ এই বিজয়ৰ লগে লগে সংসদীয় সমষ্টিটোত কংগ্ৰেছৰ দুৰ্গ অক্ষত থকাৰ লগে লগেই তৰুণ গগৈৰ পৰিয়ালৰাজৰ ধ্বজা খনো অক্ষত থাকিল কলিয়াবত।এইবাৰৰ নিৰ্বাচনত অগপ-বিজেপি দলৰ নিৰ্বাচনী মিত্ৰতাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰতিটো ভাবুকিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষক সকলে মত প্ৰকাশ কৰিছিল যদিও এই মিত্ৰতাৰ কোনো প্ৰভাৱেই নপৰিল নগাঁও জিলাৰ সংখ্যালঘু অধ্যূষিত ধিং,বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি সমষ্টিত।আনহাতে, বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে এই বাৰ কংগ্ৰেছৰ লগত মিতিৰালি কৰি অভাৱনীয় ভাৱে সহায় কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক।
নিজ বিজয়ত বিশেষ উল্লাসিত নহয় গৌৰৱ গগৈ।নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  গগৈয়ে কয়,”মোক বিপুলভোটত বিজয়ী কৰোৱাৰ বাবে ভোটদাতা ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছো।ৰাইজে মোৰ ওপৰত আস্হা ৰাখি দ্বিতীয় বাৰলৈ লোকসভালৈ নিৰ্বাচিত কৰিছে।মই ৰাইজৰ লগত থাকি, ৰাইজৰ দিহা পৰামৰ্শ লৈ ৰাইজৰ বাবে কাম কৰি যাম।মই বিজয়ী হৈছো যদিও উল্লাসিত হ’ব পৰা নাই।যদিহে দেশত আমাৰ দলৰ ফলাফল ভাল হ’ল হেতেন তেতিয়া বেছি উল্লাসিত হ’লো হেতেন।”
Exit mobile version