বৰপেটা: ভোট গ্ৰহণৰ সম্পূৰ্ণ এমাহ অপেক্ষাৰ অন্তত ছয় নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ আব্দুল খালেকে তেওৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী অগপৰ দলৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসক পৰাভূত কৰি বিজয়ী হৈছে ৷ আনহাতে এআই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ ৰফিকুল ইছলামে তৃতীয় স্থানত থাকে ৷ উল্লেখ্য যে , বৰপেটা লোকসভাত মুঠ প্ৰাৰ্থী আছিল ১৪ জন আৰু ভোটদান হৈছিল মুঠ ১৪,৫২,২১৩ টা ভোট ৷ ফলাফল ঘোষণাৰ পাছত বৰপেটা লোক সভাৰ বিজয়ী প্ৰাৰ্থী আব্দুল খালেকে বৰপেটা সংসদীয় সমষ্টিবাসী ৰাইজে তেওক জয়জুক্ত কৰাৰ বাবে সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ খালেকে আশাকৰাতকৈ বহু কম ভোট পাইছো বুলি উল্লেখ কৰি কয় আগতকৈ মোৰ দায়িত্ব বহুত বাঢ়িল ৷ আগতে এটা সমষ্টিৰ দায়িত্ব আছিল এতিয়া দহটা সমষ্টিৰ ৰাইজৰ সমস্যাৰ সতে মুখামুখি হৈ সকলোবোৰ সমাধা কৰাৰ চেষ্টা চলাব লাগিব ৷ সাংসদ হিচাপে নিৰ্বাচিত হলে কোনবোৰ কামক অগ্ৰাধিকাৰ দিব বুলি সোধা প্ৰশ্নৰ উত্তৰত সাংসদ খালেকে কয় , নিৰ্বাচনৰ আগতে যিবোৰ প্ৰতিশ্ৰুতি দিছিলো সেইবোৰ পালন কৰাৰ যতপৰোনাস্তি চেষ্টা কৰিম ৷ সত্ৰ নগৰী বৰপেটাক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা , বান গৰাখহনীয়াৰ সমস্যা ৰোধ কৰা আৰু বৰপেটাক ৰেলপথেৰে সংযোগ কৰাত বিশেষ ভুমিকা পালন কৰিব বুলিও খালেকে কয়৷
বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেক জয়ী
-
By publisher

- Categories: News
Related Content
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
By
publisher
May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
By
publisher
May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
By
publisher
May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
By
publisher
May 2, 2026
SC Rejects TMC Plea:সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেচা তৃণমূল কংগ্ৰেছৰ
By
publisher
May 2, 2026