দুধনৈ-ৰংজুলিত বন্যহস্তীৰ সন্ত্ৰাস :কেবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড

Screenshot 20190526 165909 Video Player
দুধনৈ’:  গোৱালপাৰা জিলাৰ দুধনৈ আৰু ৰংজুলিত  বন্যহস্তীৰ সন্ত্ৰাস ৷ নিশা বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি চলালে তাণ্ডৱ ৷
শনিবাৰে নিশা খাদ্যৰ সন্ধানত দুধনৈৰ নিকটৱৰ্তী  উপৰতোলা অঞ্চলত প্ৰৱেশ কৰে প্ৰায় ২৫-৩০ টা বন্যহস্তীৰ এটা জাকে ৷ উপৰতোলা গাৱঁত প্ৰৱেশ কৰিয়েই  সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু খাদ্যৰ সন্ধানত  কেবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷ লগতে  ভৰাঁলৰ ধান-চাউল খাই তহিলং কৰে ৷ আনকি পাকঘৰৰ বাচন-বৰ্তন সমুহো  তচনচ  কৰে বন্যহস্তীৰ জাক টোৱে ।  নিশা হঠাৎ ২৫-৩০ টা বনৰীয়া হাতীয়ে আহি  ঘৰ-দুৱাৰ ভাঙি এনেদৰে আক্ৰমণ কৰে গাওঁখনত ৷ ফলত কথমপিহে দৌৰি  প্ৰাণ ৰক্ষা কৰে কেবাটাও পৰিয়ালৰ লোকে ৷ এই বন্যহস্তীৰ জাকৰ আক্ৰমণৰ ফলত কেবাটাও পৰিয়াল গৃহহীন হৈ পৰিছে ৷ প্ৰতি বছৰে এই উপৰতোলা অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰপ চলাই আহিছে ৷ ইপিনে বন্যহস্তীৰ জাক টোৱে পুৱতিনিশা ৰংজুলিৰ কাহিবাৰীত ৰোহিণী সূত্ৰধৰ নামৰ এগৰাকী মহিলাৰ ঘৰত আক্ৰমণ কৰে ।মহিলা গৰাকীৰ একমাত্ৰ ঘৰ টো ভাঙি লণ্ড-ভণ্ড কৰে হাতীৰ জাক টোৱে ।
Exit mobile version