ৰাজ্যৰ এটা চক্ৰই এনআৰচিৰ খচৰাত নাম অন্তৰ্ভূক্ত একাংশ লোকৰ বিৰুদ্ধে উত্থাপন কৰিছে ভুৱা অভিযোগ ৷ একাংশ ঠিকনা বিহীন ভুৱা লোকে ভুৱা আপত্তি দাখিলৰ জৰিয়তে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰিবলৈ বিচৰাৰ সময়তে আজি বৃদ্ধ মাতৃক লৈ এনআৰচিৰ শুনানীত উপস্থিত হ’ল বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক ৷ হৃদয়ৰঞ্জন নাথ নামৰ কোনো লোকে জনীয়াৰ কংগ্ৰেছ বিধায়ক তথা বৰপেটাৰ নব নিৰ্বাচিত কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ মাতৃৰ বিৰুদ্ধে এনআৰচি কতৃপক্ষৰ ওচৰত দাখিল কৰিছিল অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে আজি বৰপেটাৰোডৰ ভগৱানী দেৱী প্ৰসূতি সদনত স্থাপন কৰা এনআৰচিৰ শুনানীত উপস্থিত হৈ নিজৰ নাগৰিকত্বৰ তথ্য দাখিল কৰিলে সাংসদ খালেকৰ বৃদ্ধা মাতৃয়ে ৷ বৃদ্ধা মাতৃগৰাকী শাৰিৰীকভাৱে যথেষ্ঠ অসুস্থ সত্বেও নিজৰ নাগৰিকত্বৰ পৰীক্ষাত এনেদৰে অতি কষ্টৰে উপস্থিত হবলগীয়া হ’ল ৷ ১৯৫১ চনৰ এনআৰচিত নাম সন্নিৱিষ্ট হোৱাৰ লগতে ১৯৭০ চনৰ ভেটাৰ তালিকাতো আছে খালেকৰ মাতৃৰ নাম ৷ তাৰ পিচতো নিজৰ নাগৰিৰত্বৰ প্ৰমাণ দিবলৈ এনেদৰে অসুস্থ অৱস্থাতো বৃদ্ধা মাতৃগৰাকী শুনানীত উপস্থিত হবলগীয়া হোৱাতো চিন্তনীয় ৷ অকল আব্দুল খালেকৰ মাতৃৰ ক্ষেত্ৰতেই নহয় এনেদৰে নাগৰিকত্বৰ নামত প্ৰকৃত ভাৰতীয় লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হোৱা ঘটনাক লৈ আজি বৰপেটাৰ ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰে বৰপেটাৰ সাংসদগৰাকীয়ে ৷ আনহাতে চূড়ান্ত তালিকা প্ৰকাশৰ পিচত যাতে কোনো ভাৰতীয় নাগৰিকে এনেদৰে পুনৰ শুনানীৰ সন্মুখীন হবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে দাবী জনায় সাংসদ আব্দুল খালেকে ৷
আব্দুল খালেকৰ মাতৃৰ বিৰুদ্ধে আপত্তিঃ এনআৰচিৰ শুনানী কেন্দ্ৰত মাতৃক লৈ উপস্থিত হ’ল সাংসদ আব্দুল খালেক
-
By publisher

ADVERTISEMENT
- Categories: Uncategorized
Related Content
Anganwadi Centre :শিঙিমাৰী গাঁৱত অংগনৱাদী কৰ্মী বাচনি প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ গাঁওবাসীৰ
By
publisher
May 13, 2025
Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত
By
publisher
May 12, 2025
নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি
By
publisher
May 9, 2025
Operations Sindoor: 'অপাৰেছন সিন্দূৰ' নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
By
publisher
May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
By
publisher
May 8, 2025