খোৱাং: যি সময়ত মানুহৰ মাজত বন ধ্বংসৰ প্ৰৱণতা গঢ়ি উঠিছে । সেই সময়তেই প্ৰকৃতি ৰক্ষাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মৰাণ পথালিবাম গাঁৱৰ ভৰত বৰাই । তেওঁ নিজা প্ৰচেষ্টাৰে বনৰীয়া জীৱ জন্তু সুৰক্ষা দি ঘৰতেই গঢ়ি তুলিছে এখন চিৰিয়াখানা। বিগত প্ৰায় ২০ বছৰে এই লোকজনে ঘৰৰ চৌহদত পুহিছে ধনেশ পক্ষী, বৰটোকোলা, বাঘ, বগলীকে ধৰি বহু পহু-পক্ষী । প্ৰকৃতি প্ৰেমী লোকজনে অঞ্চলটোৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰি প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ জানিবলৈ দিয়াৰ মতে মৰাণ অঞ্চলৰ বহুতো আঘাত প্ৰাপ্ত পক্ষীক তেওঁ শুশ্ৰূষা কৰি পুনৰ অৰণ্যত এৰি দিয়ে । আনহাতে তেওঁৰ তত্ত্বাৱধানত থকা বনৰীয়া পহু-পক্ষী বিলাক চাবলৈ দেশী-বিদেশী বহু পৰ্য্যতকৰ আগমন ঘটিছে বৰাৰ ঘৰলৈ । তেওঁৰ আহ্বানত ইতিমধ্যে “সেউজ, ধনেশ পক্ষী আৰু প্ৰকৃতি সুৰক্ষা সমিতি” নামৰ এটা সংগঠনো গঠিত হৈছে । এই সংগঠনটোৱেও প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত বহুতো ভূমিকা গ্ৰহণ কৰিছে । সম্প্ৰতি সমগ্ৰ গাওঁখনতে মুক্ত মনে বিচৰণ কৰি ফুৰে দুষ্পাপ্য বহু ধনেশ পক্ষীয়ে । যাৰ বাবে গাওঁখনক নাম দিয়া হৈছে ধনেশ পক্ষী গাওঁ । ইফালে চৰকাৰী কোনো সাহাৰ্য্যই ঢুকি নোপোৱা মৰাণ পথালিবাম গাঁৱৰ এই ব্যক্তিজনৰ কৰ্মকাণ্ড সঁচাকৈয়ে প্ৰশংসনীয় ।
দুষ্পাপ্য ধনেশ পক্ষী পুহি বিখ্যাত মৰাণৰ ভৰত বৰা
-
By publisher

- Categories: News
Related Content
দেশজুৰি প্ৰাক-বৰ্ষাৰ প্ৰভাৱ: মে’ মাহত বৰষুণ অব্যাহত
By
publisher
May 2, 2026
দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি
By
publisher
May 2, 2026
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
By
publisher
May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
By
publisher
May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
By
publisher
May 2, 2026