বকো: ১৯৮৭ ৰ পৰা প্ৰায় ৩০ বছৰ ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা আৰু অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত হৈ থকা উপ- পৰিদৰ্শক মহম্মদ সোণা উল্লাহৰ বিৰুদ্ধে কৰা ৰায়দানক লৈ বিৰ্তকৰ সৃষ্টি হৈছে। ২০০৮ৰ ২৩মে’ আৰু ২০০৯ৰ ২৭ জুলাইৰ জবানবন্দীৰ ভিত্তিত প্ৰাক্তন সেনাবিষয়া তথা কৰ্মৰত আৰক্ষী সীমান্ত শাখাৰ উপ-পৰিদৰ্শক মহম্মদ সোণা উল্লাহক বিদেশী ন্যায়ধিকৰণে বিদেশী বুলি ৰায়দান দিয়াৰ লগতে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। বৰ্তমানে সমগ্ৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে আজি তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে গোচৰ তৰিলে জবানবন্দী প্ৰতিবেদনত সন্নিৱিষ্ট তিনি সাক্ষীয়ে। পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে মহম্মদ সোণা উল্লাহৰ গৃহ ভূমি কলহীকাষৰ আমজাদ আলী আহমেদ (৪০), ছোবাহান আলী(৭০), আৰু মহম্মদ কুৰাণ আলী(৬৫)য়ে। জবানবন্দী প্ৰতিবেদনত সাক্ষী হিচাপে সন্নিবিষ্ট আছে তিনিওজনৰ নাম। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত জ্ঞাত নহয় তেওঁলোক। তদন্তকাৰী বিষয়া বকোৰ প্ৰাক্তন আৰক্ষী সীমান্ত শাখাৰ উপ-পৰিদৰ্শক চন্দ্ৰমল দাসে সাক্ষ্য প্ৰদান কৰিবলৈও মতা নাই তেওঁলোকক। এই কথা সাংবাদিকসকলৰ আগত জনালে আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু মহম্মদ কুৰাণ আলীয়ে। আজি দিনৰ ভাগত তিনি সাক্ষীয়ে বকো আৰক্ষী থানাত তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ তৰি কয় ‘তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসে আমাক তিনিওজনকে পৰিকল্পিত ষড়যন্ত্ৰমূলকভাবে আমাৰ অজ্ঞাতে অনুমতি অবিহনে গোচৰটোত মিছা সাক্ষী হিচাবে নাম সন্নিবিষ্ট কৰি জবানবন্দী প্ৰতিবেদনত সংলগ্ন কৰিছে। একেদৰে গোচৰটোত আমাৰ চহী জালিয়তি কৰিছে ।’
তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে বকো আৰক্ষী থানাত গোচৰ
-
By publisher

- Categories: News
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026