নগাঁও মেডিকেল কলেজৰ প্ৰসুতি আৰু শিশু কল্যাণ বিভাগত চৰম অৰাজকতা

IMG 20190620 WA0011

নিশাৰ ভাগত নাথাকে বিশেষজ্ঞ চিকিৎসক : গৰ্ভৱতী মহিলাৰ নাজল-নাথল অৱস্থা

নগাঁও :মধ্য অসমৰ লাখ লাখ জনসাধাৰণৰ চিকিৎসা সেৱাৰ একমাত্ৰ ভৰসাস্থলী নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা কিছুদিনৰ পুৰ্বে প্ৰসুতি আৰু শিশু কল্যাণ বিভাগটো ম’হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাৰ পিছৰে চিকিৎসা সেৱাৰ নামত ৰোগীয়ে চৰম দুৰ্ভোগৰ সন্মুখীন হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ অনুসৰি, প্ৰসুতি আৰু শিশু কল্যাণ বিভাগটোত স্বাস্থ্য বিভাগে ২৪ ঘন্টাই চিকিৎসা সেৱাৰ সুবিধা উপলব্ধ বুলি দাবী কৰিলেও প্ৰকৃততে বিয়লি তিনি বজাৰ পিছত তথা নিশাৰ ভাগত নাথাকে কোনো বিশেষজ্ঞ চিকিৎসক। ফলত নিশাৰ ভাগত গৰ্ভৱতী মহিলাৰ জৰুৰীকালীন অষ্টোপচাৰৰ প্ৰয়োজন হলেও তেনে ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আহিছে বহু প্ৰসৱজনিত মহিলাই। কালিও ছাবিকুন নেহাৰ নামৰ গৰ্ভৱতী মহিলা গৰাকীক স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰসৱজনিত কাৰণত জুৰীয়াৰ সোনাইবেৰা গাঁৱৰ পৰা ১০৮ এম্বুলেঞ্চৰে আনি মহখুলিস্থ প্ৰসুতি আৰু শিশু কল্যাণ বিভাগলৈ আনি বিপাঙত পৰিব লগা হয় পৰিয়ালটো। কিয়নো গৰ্ভৱতী মহিলাৰ সেই সময়ত প্ৰয়োজন আছিল অষ্টোপচাৰৰ। একমাত্ৰ প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে এই অস্ৰোপ্ৰচাৰ কৰিব পৰা অৱস্থাত নাছিল জৰুৰীকালীন কক্ষত থকা চিকিৎসক-নাৰ্চ।প্ৰসুতি গৰাকীৰ পৰিয়ালে প্ৰসুতি ৰোগ বিশেষজ্ঞ চিকিৎসক নথকাৰ কাৰণ জানিব বিচৰাত সেই সময়ত দায়িত্বত থকা নাৰ্চ সকলে কোনো সুদুত্তৰ দিব নোৱাৰি ফোনযোগে অৱগত কৰিলে সংশ্লিষ্ট বিশেষজ্ঞ চিকিৎসকজনৰ লগত। পৰৱৰ্তী সময়ত এক নতুন কৌশল অৱলম্বন কৰি গৰ্ভৱতী মহিলা গৰাকীক গুৱাহাটীলৈ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।অৱশ্যে প্ৰসূতি গৰাকীৰ পৰিয়ালে উপায়ন্তৰ হৈ নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰসূতি গৰাকীক ভৰ্তি কৰে আৰু নিশা ব্যক্তিগত চিকিৎসালয়ত প্ৰসুতি গৰাকীয়ে সুকলমে সন্তান প্ৰসৱ কৰে বুলি জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণ বিষয় যে, বিভিন্ন কৌশলেৰে নগাঁৱৰ চৰকাৰী চিকিৎসালয়ত প্ৰসুতি ৰোগীৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। মুলতঃ ব্যক্তিগত চিকিৎসালয়ৰ লাভালাভৰ বাবেও চিকিৎসকে গ্ৰহণ কৰা এনে কৌশলপূৰ্ণ কাৰ্যপন্থা বাবে দৰিদ্ৰ পৰিয়ালৰ প্ৰসূতি ৰোগীৰ পৰিয়ালে এতিয়া ত্ৰাহিমধুসুধন দেখিবলগীয়া হৈছে। তাৰোপৰি চৰকাৰী চিকিৎসালয়ত প্ৰসূতি ৰোগীৰ পৰিয়ালে মধ্য ভোগীক লগ ধৰি ধনৰ লেন-দেন কৰিলে সহজেই সকলো সমস্যা দুৰ হৈ পৰাটো সকলোৰে জ্ঞাত। ইতিপূৰ্বেও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এনে কেইটাও ঘটনা সংঘটিত হৈছে যদিও স্বাস্থ্য বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এনে ঘটনা ৰোধ হোৱা নাই। ইপিনে, সমগ্ৰ ঘটনা সন্দৰ্ভত আজি ভুক্তভোগী পৰিয়ালটোৱে নগাঁও জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক সাক্ষাৎ কৰি পৃথকে পৃথকে অভিযোগ পত্ৰ দাখিল কৰে। অভিযোগ পত্ৰখনত একাংশ চিকিৎসকে নিজৰ দায়িত্ব কৰ্তব্যক চুড়ান্ত ফাঁকি দি ব্যাক্তিগত নাৰ্চিং হোম আৰু চেম্বাৰত ব্যস্ত হৈ থকাৰ কথা উল্লেখ কৰে। অৱশ্যে উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনত চলি থকা চিকিৎসক-নাৰ্চৰ অনিয়মীয়া উপস্থিতিকে ধৰি অন্যান্য সমস্যাসমুহ অচিৰেই সমাধানৰ আশ্বাস দিয়ে।

Exit mobile version