ক্ষুদ্ৰ সঞ্চয়ৰ বিৰল নিদৰ্শন দেখুৱালে ঠেলাচালকে

IMG 20190621 WA0034

IMG 20190621 WA0035 ক্ষুদ্ৰ সঞ্চয়ৰ প্ৰতি অসমীয়া লোক অসচেতন বুলি সততে বদনাম থকাৰ সময়তে মঙলদৈৰ ডাঁহীৰ এগৰাকী ঠেলাচালকে দেখুৱাই থৈ গ’ল যে সেই বদনাম এটি ভ্ৰান্ত ধাৰণা ৷ আজীৱন ঠেলাখনকে জীৱিকাৰ সম্বল হিচাবে লোৱা ডাঁহী গাৱঁৰ ৬৫ বছৰীয়া দেৱেন শৰ্মাই কালিও ঠেলাখন লৈ বৃহস্পতিবৰীয়া বড়িচৌকা ( পথৰুঘাটৰ সমীপৰ) বজাৰলৈ গৈছিল ৷ কালি প্ৰচণ্ড গৰমত অসুস্থ হৈ পৰা লোকজনে আকস্মিকভাবে মৃত্যুক আকোৱালি লয় ৷ আকস্মিক বিয়োগত শোকৰ ছাঁ পৰে অঞ্চলটোত ৷ তাৰ পাছত আজি স্থানীয় ৰাইজে লোকজনৰ সা-সামগ্ৰীবোৰৰ মাজৰ পৰা উদ্ধাৰ কৰে সৰু সৰু কেতবোৰ টোপোলা , যিবোৰৰ ভিতৰত সাঁচি থোৱা আছে দহটকীয়া, ২০ টকীয়া, ৫০ টকীয়া নোটৰ জাপ ৷ হিচাপ কৰি পোৱা গ’ল মুঠ ৫০,৮০০ টকা ৷ ৰাইজৰ মতে কণ্যা সন্তানটি বিয়া দিয়াৰ পাছত অকলশৰীয়া হৈ পৰা পত্নীৰ বাবে এই ধন সঞ্চয় কৰি তেওঁ দেখুৱাই থৈ গ’ল দূৰদৰ্শিতাৰ নিদৰ্শন ৷ঠেলাচালকগৰাকীৰ এই আদৰ্শক সকলোৱে ভূয়সী প্ৰসংশা কৰিছে ৷

Exit mobile version