নগাঁও : চৰম হতাশা আৰু দুৰ্ভাৱনাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে ৰাজ্যৰ ছয় সহস্ৰাধিক ঠিকা ভিৰ্তিক স্নাতক শিক্ষকে।চৰকাৰৰ চৰম অৱহলাৰ বাবে এঁওলোকৰ চাকৰিটো নিয়মীয়া নহ’লেই চাকৰিৰ ম্যাদো বৃদ্ধি হোৱা নাই।চাৰি মাহে পোৱা নাই পাৰিতোষিকৰ ধন।তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্যৰ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ২০১০ চনত অসমৰ প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত ঠিকাভিত্তিক নিযুক্তি পোৱা ছয় হেজাৰৰো অধিক শিক্ষকে নিজৰ প্ৰাপ্য আদায়ৰ বাবে ২০১০ চনৰ পৰা আজিলৈকে যুঁজ বাগৰ কৰি থাকিব লগা হৈছে । তদানীন্তন শিক্ষামন্ত্ৰী গৌতম বৰাই উচ্চস্তৰীয় এক সমিতিৰ জৰিয়তে সম্পূৰ্ণ মেধাৰ ভিত্তিত বিদ্যালয় সমূহত নিযুক্তি দিয়া হৈছিল এই শিক্ষক সকলক।শিঠিল হৈ পৰা শিক্ষা ব্যৱস্থা দূৰীকৰণৰ লক্ষ্যৰে নিযুক্তি দিয়া ঠিকাভিত্তিক শিক্ষক সকলে শিক্ষাদান প্ৰক্ৰিয়াত নিজকে আত্ম নিয়োগ কৰাৰ পাছত চাকৰিটো নিয়মীয়া কৰণ নোহোৱা বাবেই মানসিক ভাবে ভাঙি পৰিব লগা হৈছে । বহুতো শিক্ষকে স্ব ইচ্ছাই এই চাকৰি বাদ দিবলৈ বাধ্য হৈ পৰিছে। অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ দায়িত্বত থকাৰ সময়ত এইসকল শিক্ষকৰ মাহিলী পাৰিতোষিক ৮০০০ টকাৰ পৰা ১৫,৫০০ টকালৈ বৃদ্ধি কৰি শেহতীয়াকৈ ২০,০০০ টকালৈ বৃদ্ধি কৰিলে যদিও চাকৰিটো নিয়মীয়া কৰণ সম্পৰ্কে বিশেষ একো ব্যৱস্থা গ্ৰহণ নকৰাত এই শিক্ষক সকলে চৰম নিৰাপত্তা হীনতাত ভূগিছে। বৰ্তমান আইনী মেৰপেচত বন্দী হৈ থকা ঠিকাভিত্তিক শিক্ষক সকলৰ ভৱিষ্যত কি হব এই লৈও সন্দীহান এইসকল শিক্ষক । কিয়নো কামবিহীন ভাবে বেতনহীন হৈ পৰা ঠিকাভিত্তিক শিক্ষক সকলৰ মাজৰে কেইবাজনো শিক্ষকে বিভিন্ন কাৰণত অকাল মৃত্যুক আঁকোৱালি লব লগা হোৱাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য লাভ নকৰাৰ বাবে সেই সকল শিক্ষকৰ পৰিয়াল বোৰলৈ ঘোৰ অমানিশা নামি অহা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ একাংশ ঠিকাভিত্তিক শিক্ষকে জানিবলৈ দিয়া মতে ঠিকাভিত্তিক শিক্ষক সকলৰ বহুতৰে বেলেগ চাকৰিৰ বাবে আবেদন কৰাৰ বয়সো পাৰ হৈ গৈছে। বৰ্তমান কৰি থকা চাকৰিটো নিয়মীয়া কৰণ নহলে আগন্তুক সময়ত জীয়াই থকাৰ পথ বন্ধ হৈ পৰিব। বিগত সময় চোৱাত ঠিকাভিত্তিক শিক্ষক সকলে নিয়মীয়া কৰণৰ বাবে টেট পৰীক্ষাত অৱতীৰ্ণ হব লাগিব বুলি তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও ঠিকাভিত্তিক শিক্ষক সকলে উচ্চ ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিত আদালতে ঠিকাভিত্তিক শিক্ষক সকলে চাকৰি নিয়মীয়া কৰণৰ বাবে টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাই বুলি ৰায়দান কৰাৰ পাছতো আজিলৈকে নিয়মীয়া নহল। তাৎপৰ্যপূৰ্ণ কথা যে যোৱা ২৮ ফেব্ৰুৱাৰীতে এই শিক্ষকসকলৰ চাকৰিৰ ম্যাদ উকলি গল যদিও আজি পৰ্যন্ত শিক্ষা বিভাগে শিক্ষকসকলৰ চাকৰিৰ ম্যাদ বৃদ্ধি নকৰিলে। চাকৰিৰ ম্যাদ বৃদ্ধি নকৰাকৈয়ে এই শিক্ষক সকলক লোকসভা নিৰ্বাচনৰ বিভিন্ন দায়িত্বত নিয়োগ কৰিলে যদিও চাকৰিৰ ম্যাদ বৃদ্ধি নোহোৱাত শিক্ষক সকল মানসিক ভাৱে ভাঙি পৰিছে। যোৱা মাৰ্চ মাহৰ পৰা প্ৰাপ্য পাৰিতোষিকৰ পৰাও বঞ্চিত হৈ থকাত শিক্ষক সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। ৰাজ্যচৰকাৰৰ শিক্ষা বিভাগে এই শিক্ষক সকলক নূন্যতম প্ৰাপ্য পাৰিতোষিকখিনিৰ পৰাও বঞ্চিত কৰি একপ্ৰকাৰ মানসিক নিৰ্যাতন দিয়াত শিক্ষক সকলৰ সকলো উৎসাহ হেৰুৱাই পেলাইছে। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয়ৰ ফলাফল সন্তোষজনক হোৱাৰ পাছতো এই শিক্ষক সকলক শিক্ষা বিভাগে মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰিৰ সম্পৰ্কে আকাশবাণীৰ এক সাক্ষাৎকাৰত কৰা মন্তব্যই শিক্ষক সকলৰ মনোবল সৰ্বতোপ্ৰকাৰে ভাঙি পেলাইছে। জীৱন আৰু জীৱিকাৰ তাড়নাত আন্দোলনৰ পথ পৰিত্যাগ কৰা শিক্ষক সকলে অতি শীঘ্ৰে প্ৰাপ্য পাৰিতোষিক মুকলি কৰি দিয়াৰ লগতে চাকৰিৰ ম্যাদ বৃদ্ধিৰে এই সকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰিবৰ কাৰণে আহ্বান জনাইছে।কিন্তু এই দাবীলৈ কৰ্ণপাত দিয়া নাই চৰকাৰে।
চৰম হতাশা আৰু দুৰ্ভাৱনাৰ মাজেৰে দিন কটাইছে ৰাজ্যৰ ছয় সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকে
-
By publisher
- Categories: News
Related Content

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026