চিৰাঙৰ বান পৰিস্থিতিৰ অৱনতি

1

 

 

বঙাইগাঁও:চিৰাং আৰু বঙাইগাঁও জিলাত ক্ৰমাত বান পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ আজি পুৱাৰে পৰা ভূটান ৰাষ্ট্ৰৰ পৰা নামি অহা আইনৈৰ বাঢ়ি পানীয়ে জিলা দুখনৰ বহু গাঁও প্লাৱিত কৰি তুলিছে ৷ বঙাইগাঁও জিলাৰ নাচনকুৰি, মোনাকোষা, জামদহা, বৃদ্ধবাসী, জাৰাগুৰি আদি অঞ্চলত প্লাৱিত কৰিছে ৷ সন্ধিয়াৰ ভাগৰ পৰা আই নদীৰ জলস্তৰ বৃদ্ধি পোৱাত নৈপৰীয়া গঞা ৰাইজ চিন্তিত হৈ পৰিছে ৷ ইপিনে আই নৈৰ বাঢ়ি পানীৰ ফলত চিৰাং জিলাৰ দাবাবিল গাঁওখনত প্ৰৱলখহনীয়া অব্যাহত আছে ৷ গাঁওখন পুৱাৰ পৰা পানীৰ তলত থকাত স্থানীয় বিদ্যালয়ত এশটা পৰিয়ালে আশ্ৰয় লৈছে ৷ কেবাদিনৰ পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত আজি পুৱতি নিশাৰে পৰা ফেনে ফোটোকাৰে বাঢ়ি আহে আই নদীৰ লগতে উপনৈ সমূহৰ পানী ৷ পানী । ভূটানৰ পৰা নামি অহা পানীয়ে বান পানীৰ সৃষ্টি কৰিছে বানৰ । চিৰাং জিলাৰ ছোটো নিলীবাৰী, আই পোৱালি, মাদাৰপুৰ, নাথুৰবাৰী, দেৱৰবিল, ডাবাবিল, খয়ৰাবাৰী, মাণিকপুৰ, ছৌৰাবাৰী, খুজৰাবগুৰি, সন্যাসী বাৰী, দাউখানগৰ, নেপালপাৰা, মাজৰাবাৰী আদি কৰি প্ৰায় অৰ্ধশতাধিক গাঁও প্লাৱিত হৈছে । পুৱাৰে পৰা আই নদীৰ বাঢ়নি পানীয়ে মাদাৰপুৰ-ডাবাবিল আদি অঞ্চলৰ তিনিটা মথাউৰি ভাঙি পানী সোমোৱাৰ ফলত বিস্তৃৰ্ণ অঞ্চল প্লাৱিত হয় । গাঁও সমূহৰ ভালে সংখ্যক পুখুৰী বানপানীৰ তলত ফলত কেবালাখ টকাৰ মাছ ওলাই যায় । কৃষি ভূমি প্লাৱিত হোৱাৰ লগতে পশুধন, হাঁহ-কুকুৰা আদি বানপানীত উটি যায় । এই বানত কেবাটাও পৰিয়ালৰ ঘৰ ভাঙি পৰে বুলি জানিব পৰা গৈছে । সন্ধিয়াৰ পৰা আই নদীৰ জলস্তৰ বৃদ্ধি পাই থকাত বানাক্ৰান্ত অঞ্চলৰ ৰাইজ চিন্তিত হৈ পৰিছে ৷ এই পৰ্যন্ত জিলা প্ৰশাসনে কোনো ধৰণৰ উদ্ধাৰ অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই ৷ বানাক্ৰান্ত ৰাইজক সাহাৰ্য্য সামগ্ৰীও বিতৰণ নকৰাৰ অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে ৷ পুৱাৰ পৰা পৰিয়াল সমূহে ৰন্ধা বঢ়া কৰিব নোৱাৰাত চৰম খাদ্য সমস্যাত পৰিছে ৷ চিৰাং আৰু বঙাইগাঁও জিলাত অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷

Exit mobile version