ডাবি ডুবিত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা

1 3

খুমটাই: বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত খুমটাইৰ সমীপৰ ডাবি ডুবি জানৰ ওপৰত থকা বাহঁৰ দলংখনেৰে গ্ৰাম্য অঞ্চলটোৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্র-ছাত্ৰী সকলৰ জীৱন প্ৰতিমূহুততে যাতায়তৰ ক্ষেত্ৰত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । উল্লেখ্য যে মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি থকা জানটো এটা এফালে ৰঙামাটি চেউনী গাঁও আৰু আনটো পাৰে কৰুনাটিং নৱজ্যোতি গ্ৰান্ট গাঁও।এই গাঁও দুখনৰ যোগাযোগৰ মূল পথৰ জানটোৰ ওপৰৰ এই জৰাজীৰ্ণ বাঁহৰ দলংখন ।উক্ত গাঁও দুখনৰ পথচাৰী লগতে বিশেষকৈ নৱজ্যোতি গ্ৰান্ট গাঁওৰ সাধাৰণ ৰাইজৰ উপৰিও ৰোগী প্ৰসূতি লগতে বিদ্যালয় ছাত্র-ছাত্ৰীয়ে এই বাঁহৰ দলঙেৰে ৰঙামাটি গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰঙামাটি বহুমূখী জাতীয় বিদ্যালয়লৈ আহে।এ এই গাঁওবাসীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে দীৰ্ঘদীন ধৰি ; কিন্তু এই সকলোবিলাক দেখিও চকু মুদা কুলিৰ ভাও ধৰিছে পঞ্চায়ত প্ৰতিনিধি কিম্বা বিভাগীয় কতৃপক্ষই ।মনকৰিবলগীয়া কথা যে ৰঙামাটি কৈৱত গাঁও পঞ্চায়তৰ অন্তৰ্গত এই এলেকাটোৰ জানটোত থকা বাহঁৰ দলংখন ৰাইজে প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিছিল । এই দলংখন পকীকৰণৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিও আজি পৰ্যন্ত কোনো ফল নাপালে বুলি আভিযোগ উত্থাপন কৰিছে ।2 2

Exit mobile version