তামাৰহাটত আৰক্ষীৰ অভিযানঃ অবৈধভাৱে নিয়া বহিঃৰাজ্যৰ ১৩ টা উন্নত জাতৰ গৰু জব্দ

1 5

2 3 ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পাগলাহাটত আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই বহিঃৰাজ্যৰ পৰা অবৈধ পন্থাৰে আমদানি কৰি অনা ১৩ টা কৈ উন্নত জাতৰ গৰু জব্দ কৰিবলৈ সক্ষম হয়। তামাৰহাট থানাৰ আৰক্ষী বিষয়া উৎপল চন্দ্ৰ ৰায়ে লাভ কৰা বিশেষ খবৰৰ ভিত্তিত ধুবুৰী জিলাৰ পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত তথা অঞ্চলটোৰ একেবাৰে পশ্চিম প্ৰান্তত বংগ সীমান্তৱৰ্তী অঞ্চলত চোৰাং গৰু বেপাৰীক আটক কৰিবলৈ আৰক্ষীয়ে গোপনে খাপ পিটি থাকে।আৰক্ষীৰ আন এটা দলে ওৰে নিশা বিভিন্ন অঞ্চলত গৰু ধৰিবলৈ অভিযান চলাই থকা সময়ত পাগলাহাটত বাঁহ জাৰণিৰ তলত এজাক গৰু বান্ধি থোৱা লক্ষ্য কৰে আৰক্ষীয়ে।তাৰ পৰাই বহিঃৰাজ্যৰ ১৩ টা কৈ উন্নত জাতৰ গৰু আটক কৰে যদিও অভিযানৰ উমান পাই গৰুৰ চোৰাং বেপাৰী সকল পলাই সাৰে।আৰক্ষী সূত্ৰই সদৰী কৰা মতে বহিঃৰাজ্যৰ পৰা অনা গৰু সমূহ বংগৰ সীমামূৰীয়া অঞ্চলত নমাই পাগলাহাট আৰক্ষী চকীৰ গাঁৱলীয়া পথেৰে খোজকঢ়াই ধুবুৰী অভিমুখে নি থকা অৱস্থাত তামাৰহাট থানাৰ আৰক্ষীয়ে গৰু কেইটা আটক কৰি পাগলাহাট আৰক্ষী চকীত চমজাই দিয়ে। উল্লেখ্য যে বিহাৰ, উত্তৰপ্ৰদেশ, ৰাজস্থান, দিল্লী, হাৰিয়ানা আদি ৰাজ্যৰ পৰা ট্ৰাক যোগে অনা উন্নত জাতৰ গৰু সমূহ অসম-বংগ সীমান্তৱৰ্তী এলেকাত নমাই নিশাৰ আন্ধাৰত ধুবুৰী জিলাৰ প্ৰতাপগঞ্জ, মটেৰঝাৰ, সাহেবগঞ্জ, আদি কৰি বিভিন্ন গাঁৱলীয়া পথেৰে ভাৰত বাংলাদেশ সীমান্ত লৈ নিয়ে। অবৈধ গৰুৰ বেহাৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষী প্ৰশাসন, চৰকাৰ কঠোৰ ব্যবস্থা গ্ৰহণ কৰিছে যদিও বাস্তৱত গৰুৰ চোৰাং চালান সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। গোপনে বিভিন্ন গাঁৱলীয়া পথেৰে গৰু সৰবৰাহ অব্যাহত আছে। ইপিনে ,তামাৰহাট থানাৰ আৰক্ষী বিষয়াই যোৱা কালি অবৈধ ভাৱে শিল কঢ়িওৱা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। বিটিচিৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী-কচুগাঁও গড়কাপ্টানী পথেৰে দীৰ্ঘদিনধৰি প্ৰতিদিনে অবৈধ পন্থাৰে কঢ়িয়াই নিয়া শিল-বালি ভৰ্তি বাহনৰ নিয়মীয়া তালাচী কৰিবলৈ আৰক্ষীক অধিক সষ্টম হোৱাৰ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী ৰাইজে।

Exit mobile version