বৰপেটা মেডিকেল কলেজৰ ছাত্ৰাবাসত ৰেগিঙৰ ঘটনা

IMG 20170519 115810 1

বৰপেটা: বৰপেটা মেডিকেল কলেজত নৱাগত ছাত্ৰৰ ওপৰত ৰেগিঙৰ নামত আতিশয্য চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ বৰপেটা মেডিকেল কলেজৰ ভকতপাৰাত থকা ছাত্ৰাবাসৰ নৱাগত আবাসীসকলে জ্যেষ্ঠ আবাসী সকলৰ নিৰ্দেশ মতে কালি নিশা বৰপেটা চহৰৰ চেলুনত চুলি চুটিকৈ কটাইছিল ৷ একাংশ নবাগত ছাত্ৰৰ অভিভাৱকে এই সম্পৰ্কে সাংবাদিকক অভিযোগ দিয়াৰ পিচতে ঘটনাটোক লৈ বৰপেটা চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ যি সময়ত ৰেগিঙৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে তেনেসময়তে বৰপেটা মেডিকেল কলেজৰ হোষ্টেলত সংঘটিত হোৱা এই ৰেগিঙৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চহৰখনত ৷ ইপিনে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই আজি ৰেগিঙৰ ঘটনাটোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই কালি নিশালৈকে হোষ্টেলৰ নৱাগত আৱাসীয়ে চুলি কাটিবলৈ বাধ্য কৰা কথাতো সত্য বুলি প্ৰকাশ কৰে ৷ কিন্তু নিশা হোষ্টেলৰ পৰা ওলাই প্ৰায় ৯-৩০ বজালৈকে বৰপেটা চহৰৰ চেলুনত চুলি কাটিবলৈ যোৱা সম্পৰ্কে অবগত নহয় বুলি প্ৰকাশ কৰে ৷ ৰেগিঙৰ ক্ষেত্ৰত জিৰো ট’লাৰেঞ্চৰ ভূমিকাৰ কথা ব্যক্ত কৰাৰ পিচতো কালি নিশাৰ ঘটনাটোক ৰেগিং বুলি নাভাবে বুলি আজব মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷ আনকি জ্যেষ্ঠ আৱাসীৰ ডাবি ধমকিত চুলি চুটিকৈ কাটিবলৈ বাধ্য হোৱা নবাগত ছাত্ৰৰ বিপৰীত ভাষ্য প্ৰদান কৰি কতৃপক্ষইহে চুলি চুটিকৈ কাটিবলৈ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰে অধ্যক্ষই ৷ যদিহে এয়া বৰপেটা মেডিকেল কলেজ কতৃপক্ষৰ নিৰ্দেশ আছিল তেন্তে নিশাৰ ভাগত, তাকো প্ৰায় সন্ধিয়া ৬ টাৰ পিচত হোষ্টেলৰ বাহিৰলৈ গৈ কিয় চুলি কাটিবলৈ বাধ্য হ’ল সেই সম্পৰ্কে পৰস্পৰবিৰোধী স্থিতি গ্ৰহণ কৰে অধ্যক্ষগৰাকীয়ে ৷ বিশেষকৈ ৬ বজাৰ পিচত হোষ্টেলৰ বাহিৰলৈ যোৱাতো নীতি বহিৰ্ভূত বুলি কৈ, নিশা কিয় চুলি কাটিবলৈ গ’ল নৱীগত ছাত্ৰসকলেহে হেনো তাৰ কাৰন দৰ্শাব লাগিব অধ্যক্ষক ৷ ইপিনে বৰপেটা মেডিকেল কলেজত ঘটা ৰেগিঙৰ ঘটনাটোৰ তদন্তৰ বাবে ইতিমধ্যে কলেজখনৰ উপাধ্যক্ষক দায়িত্ব প্ৰদান কৰিছে অধ্যক্ষই ৷ আনকি হোষ্টেলৰ দায়িত্বত থকা অধীক্ষককো ঘটনা সম্পৰ্কে লিখিতভাৱে জনাবলৈ নিৰ্দেশ দিছে অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷

#বিশেষ সংবাদদাতা

Exit mobile version