মঙলদৈত কোৰবানীৰ বাবে অনা ৬ টা উটে ক্ষন গণিছে মৃত্যুৰ: সমস্যাত আৰক্ষী

mm

মঙলদৈ, ২৫ আগষ্ট: দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তগত ধুলা থানাত আৰক্ষীয়ে জব্দ কৰা ৬ টা উটে মৃত্যুৰ ক্ষন গনা পৰিলক্ষিত হৈছে ।ঈদৰ কোৰবানিৰ বাবে অনা উটকেইটা বন্য প্ৰাণী সুৰক্ষা আইনৰ অধিনত ৰক্ষা কৰিবলৈ গৈ আৰক্ষী সমস্যাত পৰাহে দেখা গৈছে। যোৱা ১০ আগষ্টত দৰং জিলাৰ টাংনি সাপ্তাহিক বজাৰৰ পৰা ধূলা থানাৰ আৰক্ষীয়ে জব্দ কৰিছিল ৫ টা উট। ঈদৰ কুৰবানীৰ বাবে বিক্ৰীৰ উদ্দেশ্যৰে অনা উটকেইটা জব্দৰ পিছৰে পৰা আইনি প্ৰক্ৰিয়াত বন্দী হৈ বিগত এপষেক ধূলা থানা চৌহদত ৰদে বৰষুণে মুকলি ঠাইত ৰখাৰ পিছত উটকেইটা শাৰীৰিক অৱস্থা ৰ অৱনতি ঘতিছে। এফালে খাদ্যৰ অভাৱ আনফালে নিমিলা জলবায়ুৰ বাবে মৃত্যুৰ ক্ষণ গণিছে উটকেইটাই। প্ৰথমে মঙলদৈ নিম্ন আদালতে ৰাজস্থানৰ পৰা ক্ৰয় কৰি অনা ভকতপাৰা দলটিকে হস্তান্তৰ কৰিবলৈ অনুমতি দিছিল যদিও ভাৰতীয় জীৱ জন্তু কল্যাণ বোৰ্ডৰ বিষয়া সকলে আহি জিলা সত্ৰ ন্যায়ালয়ত উট বিক্ৰিৰ অনুমতি নাই বুলি পুনৰ আবেদন কৰে। সম্পত্তি জিলা সত্ৰ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা উটকেইটাৰ স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে। ভাৰতীয় জীৱ জন্তু কল্যাণ বোৰ্ডৰ অধ্যক্ষ সুজিত চৌধুৰীয়ে বিগত ১৬ আগষ্টৰ পৰা উটকেইটা ৰাজস্থানলৈ ওভটাই নিয়াৰ বাবে আৰু সুৰক্ষা প্ৰদানৰ বাবে দিনে নিশাই প্ৰচেষ্টা চলাই আছে । চৌধুৰীয়ে মঙলদৈত সাংবাদিকৰ আগত ব্যক্ত কৰা অনুসৰি এইদৰে থাকিলে উট কেইটাৰ দুই এদিনতে মৃত্যু হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজস্থান কেমেল এক্ট ২০১৫ মতে উট ৰাজস্থানৰ বাহিৰলৈ নিব নোৱাৰে বুলি দাবী কৰাৰ লগতে কোনেও বিক্ৰী কৰিব নোৱাৰে অথবা খাব নোৱাৰে বুলি তেও দাবী কৰে। সম্পত্তি উট দুস্পাপ্য প্ৰাণী সমূহৰ এবিধ হিচাবে ঘোষণা কৰাত ইয়াক সংৰক্ষিত প্ৰাণীৰ শাৰীত ধৰা হৈছে।
ইফালে দৰং আৰক্ষীৰ বাবে ই হৈ পৰিছে এক সমস্যা ।যদিও জিলা ভেটেনাৰী বিষয়াক উটকেইটা চোৱা চিটাৰ দায়িত্ব দিয়া হৈছে যদিও ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিয়ে নিজে খাদ্য সামগ্ৰী যোগান ধৰিছে। কাকতিয়ে বগৰীৰ গছৰ পাত , বাদাম আদি খুৱৰাৰ লগতে থানাখনৰ স্টাফ সকলেও সহায় কৰিছে।

Exit mobile version