তেজপুৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিদেশীৰ নাম অন্তৰ্ভুক্ত হলে জগৰীয়া হব বিজেপি চৰকাৰ।এই দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰাক্তন সভাপতি গৰাকীয়ে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাই আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দোষমুক্ত বুলিও কয় অগপৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ।তেজপুৰত উপস্হিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তইৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বিজেপিৰ স্থিতি সুমেৰু আৰু কুমেৰু সদৃশ। যিহেতু চৰকাৰী বিষয়া কৰ্মচাৰী সকল চৰকাৰৰ গতিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বিদেশীৰ নাম সোমালে ৰাজ্যৰ বিজেপি চৰকাৰ দায়ি হব বুলি সংবাদ মাধ্যমৰ আগত কয়। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শেহতীয়া স্থিতিক দুৰ্ভাগ্যজনক আখ্যা দি প্ৰফুল্ল কুমাৰ মহন্তই ৰাষ্ট্ৰীয় বিজেপিৰ তদানীন্তন সভাপতি তথা বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি কৰা মন্তব্যৰো সোঁৱৰাই দিয়ে। এই সন্দৰ্ভত বিজেপিৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ আহ্বান জনাব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ইফালে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই আছুক কৰা সমালোচনা প্ৰত্যুত্তৰ বৰ্তমানৰ আছুৰ নেতৃত্বক দিবলৈ আহ্বান জনাই পূৰ্বতে আছুক আঙুলি টোৱাবলৈ কোনেও সাহস কৰা নাছিল বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
-
By publisher

ADVERTISEMENT
- Categories: Uncategorized
Related Content
নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি
By
publisher
May 9, 2025
Operations Sindoor: 'অপাৰেছন সিন্দূৰ' নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
By
publisher
May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
By
publisher
May 8, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
By
publisher
April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
By
publisher
April 11, 2025