ৰঙিয়া : অসম চৰকাৰৰ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অত্যন্ত জৰুৰী। আৰক্ষী যিমান সৎ, কৰ্তব্য পৰায়ন, কৰ্মদক্ষতা, নিষ্ঠাবান আৰু ৰাইজৰ প্ৰতি সমৰ্পিত তথা শ্ৰদ্ধাশীল হব ৰাইজে সিমানেই অধিক সেৱা লাভ কৰিব। এই ভাষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । আজি তেওঁ মৈত্ৰী আঁচনিৰ অধীনত ৰঙিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰি এইদৰে কয়। এই নৱনিৰ্মিত ভৱনৰ আধুনিক আন্তঃগাঁথনিয়ে আৰক্ষীক জনসাধাৰণক অধিক সেৱা আগবঢ়োৱাৰ দিশত অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আৰক্ষীক জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হোৱাাৰ লগতে আন্তৰিকতাৰে সেেৱা আগবঢ়োৱাৰ বাবে আহবান জনায়।উল্লেখ্য যে মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আধুনিক সা-সুবিধাৰে যুক্ত অত্যাধুনিক ভাবে আৰক্ষী থানাসমূহৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা হাতত লৈৈছে । এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩৪৬ খন আৰক্ষী থানা পুণৰ নিৰ্মাণ কৰা হব ।অহা ৫ বছৰৰ ভিতৰত এই লক্ষ্য মাত্ৰা সম্পূৰ্ণ কৰাৰ লক্ষ্য মাত্ৰা স্থিৰ কৰি ইয়াৰে প্ৰথম পৰ্যায়ত ৭৩ খন আৰক্ষী থানা পুনৰ নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ আৰক্ষী বাহিনীসমূহক অধিক দক্ষ আৰু কৰ্মক্ষম কৰি তোলাৰ দিশত প্ৰদান কৰা গুৰুত্বৰ বিষয়ে উল্লেখ কৰি সোনোৱালে বিগত বৰ্ষসমূহত ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সন্মিলনসমূহত আৰক্ষী বাহিনীৰ কৰ্ম দক্ষতা আৰু সামগ্ৰিক মান উন্নীতকৰণেৰে স্মাৰ্ট পুলিচ হিচাপে উন্নীতকৰণৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে।শিক্ষা ক্ৰীড়া আৰু সাংস্কৃতিক এই তিনিটা বিষয়ত আমাৰ সমাজখনে উঠি অহা প্ৰজন্মক বিশেয বাবে জড়িত কৰিব লাগিব বুলি তেওঁ কয়। তিনিটা বিষয়ত যদি উঠি অহা চামে দৃঢ়তাৰে পৰিশ্ৰম কৰে তেতিয়াহলে প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে জীৱনত এগৰাকী সফল আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠা হব পাৰিব বুলিও কয় মুখ্যমন্ত্ৰী সোনোৱালে।
অসম চৰকাৰৰ দ্বায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীন উন্নয়ন অত্যন্ত জৰুৰী – মুখ্যমন্ত্ৰী
-
By publisher
- Categories: Uncategorized
Related Content
Paresh Barua:হ্ৰাস পালে পৰেশ বৰুৱাৰ শাস্তি
By
publisher
January 15, 2025
Majuli :মাজুলীত প্ৰচণ্ড শিলা বৃষ্টি
By
publisher
January 7, 2025
Forgot your Facebook password? ফে'চবুকৰ পাছৱৰ্ড পাহৰিলে নেকি ?
By
publisher
January 4, 2025
গাহৰি আৰু লাই শাকৰ জুতি কাৰ নো প্ৰিয় নহয়... লাই শাক কিয় খাব লাগে জানেনে ?
By
publisher
December 21, 2024
Ghagrapar Incident:বন্যহস্তীৰ আক্ৰমণত আহত হৈ নলবাৰীৰ গোবিন্দপুৰ গাঁৱৰ এজন যুৱকৰ মৃত্যুৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
By
publisher
December 19, 2024
Court stays panchayat elections: ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
By
publisher
December 19, 2024