তামুলপুৰ: বাগসা জিলাৰ তামুলপুৰ মহকুমাৰ কাউলীত মটঙা নদীৰ ওপৰত আজি এখন পাঁচ লাখ টকা ব্যয় সাপেক্ষে ৰাইজে নিৰ্মান কৰি উলিওৱা বাঁহৰ দলং মুকলি কৰা হয় । এই বাঁহৰ দলঙেৰে উন্নয়ন ৰচনা কৰাৰ প্ৰয়াস কৰে কাউলীবাসী ৰাইজে । উল্লেখযোগ্য যে স্বাধীনোত্তৰ কালৰে পৰা মটঙা নদীৰ ওপৰত নাছিল কোনো দলং । কিন্তু স্থানীয় ৰাইজে পাঁচ লাখ টকা গাঠিৰ ধনেৰে নিৰ্মান কৰি উলিয়ায় বাঁহৰ এই দলংখন । তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈৰ ওপৰত নিৰ্মিত এই বিশেষ বাঁহৰ দলঙখনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বত্ৰে । ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কাউলী-কুমাৰীকাটা পথৰ মাজমজিয়াত থকা মটঙা নৈৰ ওপৰত আজিলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এখন দলং নিৰ্মান নকৰাৰ ফলত বছৰ বছৰ ধৰি জ্বলা-কলা খাই আহিছে অঞ্চলটোৰ হেজাৰ হেজাৰ লোকে । প্ৰতাৰিত হৈ আহিছে অঞ্চলটোৰ জনসাধাৰণ ।অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাৰ ফলত অঞ্চলটোৰ কেইবাজনো উদীয়মান যুৱকে দিনে নিশাই বাঁহৰ দলঙৰ নিৰ্মান কাৰ্য চলাই গৈছিল । আজিৰে পৰা প্ৰায় দুমাহ আগৰে পৰাই নিৰ্মান কাৰ্য চলাই থকা বাঁহৰ দলংখন আজি আয়তিৰ উৰুলি,পুৰোহিতৰ মন্ত্ৰোচ্ছাৰন,ঢাক-ঢোল, শংখ বজাই, ভূমি পূজন কৰি স্থানীয় এগৰাকী অশীতিপৰ ব্যক্তিৰ দ্বাৰা আনুষ্ঠানিকভাৱে ৰাইজে উদ্বোধন কৰে । নেতাজী সেতু নামেৰে নামকৰণ কৰা দলংখন উদ্বোধন কৰাৰ পিছতে চৌদিশে এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰে আৰু অনাবিল আনন্দত আত্মহাৰা হৈ পৰে অঞ্চলটোৰ সৰ্বস্তৰৰ জনসাধাৰণ। অঞ্চলটোৰ কেইবাখনো গাওৰ লোকে নিজৰ গাঁঠিৰ ধন খৰছ কৰি প্ৰায় পাচ লাখ টকাৰো অধিক টকা ব্যয় সাপেক্ষে অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত থকা শৰাইঘাট দলংৰ অনুৰূপ আৰ্হিত সাজি উলিয়াইছে এইখন বিশেষ ৪০০ মিটাৰ দীঘলীয়া বাঁহৰ দলং।অঞ্চলটোৰ লোকে জানিবলৈ দিয়া মতে, বাৰিষাৰ সময়ছোৱাত ভূটান পাহাৰৰ পৰা ফেনে ফোটোকাৰে বৈ অহা মটঙা নৈৰ বাঢ়নী পানীৰ ফলত স্তব্ধ হৈ পৰে বৃহত্তৰ অঞ্চলটোৰ জনজীৱন । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও যাব নোৱাৰে শিক্ষানুষ্ঠানত। অঞ্চলটোলৈ আহিব নোখোজে কোনো এখন এম্বুলেঞ্চ। যাৰ বাবে চৰকাৰী আশা ত্যাগ কৰি এতিয়া এইদৰে ৰাইজে নিজেই সাজি উলিয়াইছে বাঁহৰ দলং।
তামুলপুৰত মুকলি হল পাঁচ লাখ টকা ব্যয় সাপেক্ষে ৰাইজে নিৰ্মান কৰি উলিওৱা বাঁহৰ দলং
-
By publisher
- Categories: Uncategorized
Related Content
Paresh Barua:হ্ৰাস পালে পৰেশ বৰুৱাৰ শাস্তি
By
publisher
January 15, 2025
Majuli :মাজুলীত প্ৰচণ্ড শিলা বৃষ্টি
By
publisher
January 7, 2025
Forgot your Facebook password? ফে'চবুকৰ পাছৱৰ্ড পাহৰিলে নেকি ?
By
publisher
January 4, 2025
গাহৰি আৰু লাই শাকৰ জুতি কাৰ নো প্ৰিয় নহয়... লাই শাক কিয় খাব লাগে জানেনে ?
By
publisher
December 21, 2024
Ghagrapar Incident:বন্যহস্তীৰ আক্ৰমণত আহত হৈ নলবাৰীৰ গোবিন্দপুৰ গাঁৱৰ এজন যুৱকৰ মৃত্যুৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
By
publisher
December 19, 2024
Court stays panchayat elections: ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
By
publisher
December 19, 2024