তেজপুৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাত শান্তি- শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনাৰ প্ৰতি আশংকা প্ৰকাশ কৰি সমগ্র জিলাখনত তৎকালে বলৱত হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ কোনো অনুমতি অবিহনে সমাবেশ; কোনোধৰণৰ চোকা মাৰণাস্ত্ৰ,লাঠী, বা অন্য কোনোধৰণৰ অস্ত্ৰ ৰাজহুৱা স্থান, খেলপথাৰ, ছবিগৃহ, প্ৰেক্ষাগৃহলৈ কঢ়িওৱা; দুচকীয়া বাহন যেনে: স্কুটাৰ, মটৰ চাইকেল ইত্যাদিত দুজন আৰোহী যোৱা; কোনোধৰণৰ দান-বৰঙণি সংগ্ৰহ কৰা; আগতীয়া অনুমতি অবিহনে ৰাজহুৱা স্থানত লটাৰী বা গিফ্ট কুপন বিক্ৰী কৰা; সভা পতা, ধৰ্ণা কৰা, শোভাযাত্ৰা উলিওৱা বা শ্লোগান দিয়া; নিশা ১০ বজাৰ পিছত লাউডস্পীকাৰৰ উচ্চস্বৰত ব্যৱহাৰ কৰি ধ্বনি প্ৰদূষণ কৰা ইত্যাদি নিষিদ্ধ ঘোষণা কৰা হৈছে।অৱশ্যে, দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত মহিলা, শাৰিৰীক ভাৱে দুৰ্বল লোক, শিশু আৰু চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব। তদুপৰি পাঁচ জনতকৈ অধিক লোকৰ সমাগমৰ ক্ষেত্রত আৰোপ কৰা নিষেধাজ্ঞা বজাৰ, খেলপথাৰ, ছবিগৃহ বা অন্য কোনো আমোদৰ স্থানত, শৈক্ষিক অনুষ্ঠান, ৰেল আস্থান, বাছ আস্থান, বা বিবাহ অনুষ্ঠান আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।এই আদেশ সমগ্ৰ শোণিতপুৰ জিলাত তৎকালীন ভাৱে বলৱত হোৱাকৈ তথা পৰৱৰ্তী আদেশ জাৰি নোহোৱালৈকে বাহাল থাকিব।
শোণিতপুৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা
-
By samimsultana

Security person patrolling at village near NRC Sava Kendra on the eve of Final NRC publish at Rupahihat in Nagaon district on 30-08-19, the publication of the final governments National Register of Citizens (NRC) directed by Supreme Court on 31 august 2019. Pix BY UB photos
ADVERTISEMENT
- Categories: Uncategorized
Related Content
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
By
publisher
April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
By
publisher
April 11, 2025
তিনিচুকীয়া চহৰত আকৰ্ষণীয় বহাগী মেলা
By
publisher
April 10, 2025
তিনিচুকীয়াত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থীৰ
By
publisher
April 10, 2025
মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলাই চাকৰি হেৰুৱালে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ সহায়কে
By
publisher
April 10, 2025