কোকৰাঝাৰ :- গৰু মাফিয়াক আটক কৰা লৈ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষীৰ মাজত শীতল যুদ্ধ অব্যাহত থকাৰ সময়তে আজি কোকৰাঝাৰ আৰক্ষীয়ে কাৰিগাঁৱৰ ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই গৰু – ম’হ ভৰ্তি পাঁচখন ট্ৰাক জব্দ কৰিছে । আজি পুৱতি নিশা প্ৰায় চাৰি বজাত পশ্চিম বংগৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত কোকৰাঝাৰ আৰক্ষীয়ে পাঁচখন ট্ৰাক জব্দ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । আৰক্ষীয়ে জব্দ কৰা চাৰিখন ট্ৰাকত মুঠ ৬৪ টা বহি ৰাজ্যৰ গৰু থকাৰ বিপৰীতে আনখন ট্ৰাকত ১৪ টা ম’হ আছিল । ইপিনে পাঁচখন ট্ৰাকেৰে গৰু -ম’হ কঢ়িয়াই অনা হাট শিঙিমাৰীৰ মেচাৰ্চ পায়নিয়াৰ লাইফষ্টক এজেন্সিৰ স্বত্বাধিকাৰীসকলে কয় যে পাঁচখন ট্ৰাকেৰে ৬৪ টা গৰু আৰু ১৪ টা ম’হ সম্পূৰ্ণ বৈধভাৱেই কঢ়িয়াই অনা হৈছে । এইক্ষেত্ৰত তেওঁলোকৰ ন্যায়ালয়ৰ অনুমতি , চালান , অনুমতি সকলো মজুত থকাৰ পিছতো কোকৰাঝাৰ আৰক্ষীয়ে ৰাতিপুৱা ৪:০০ বজাৰ পৰা আৱদ্ধ কৰি ৰখাত আশ্চৰ্য প্ৰকাশ কৰে । কোকৰাঝাৰ আৰক্ষীয়ে অতি শীঘ্ৰেই তেওঁলোকক এৰি দিব বুলি আশা প্ৰকাশ কৰি পলম হলে গৰু-ম’হৰ ক্ষতি হব পাৰে বুলি আশাংকা ব্যাক্ত কৰিছে । ইপিনে আৰক্ষীয়ে জীৱ জন্তু পৰিৱহন আইন ১৮৭৮ ভঙ্গ হোৱা বুলি সদৰি কৰিছে । তদুপৰি বীমাৰ ম্যাদ উকলিকৰণ যোৱা বুলিও সদৰি কৰি আৰক্ষীয়ে অচিৰেই জব্দকৃত পাঁচখন ট্ৰাক সন্দৰ্ভত সিদ্ধান্ত লোৱা হব বুলি সদৰি কৰিছে ৷
কোকৰাঝাৰৰ কাৰিগাঁওত গৰু -ম’হ ভৰ্তি পাঁচখন ট্ৰাক জব্দ :বৈধ নে অবৈধ তাকে লৈ আৰক্ষী – সৰবৰাহকাৰীৰ মাজত সংঘাত
-
By publisher

- Categories: Uncategorized
Related Content
Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ' বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
By
publisher
February 22, 2025
Punjab :পঞ্জাৱক বদনাম কৰাৰ চেষ্টা !
By
publisher
February 15, 2025
ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ
By
publisher
February 8, 2025
বুধবাৰে আমেৰিকালৈ ৰাওনা হ'ব নৰেন্দ্র মোদী !
By
publisher
February 8, 2025
ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
By
publisher
February 6, 2025
Delhi:‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী
By
publisher
February 2, 2025