শংকৰদেৱ আমাৰ জাতীয় গুৰু

m

                          “চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে “

নগাঁও: “প্ৰাচীন আৰু প্ৰত্নতাত্ত্বিক সম্বল সমূহ আমাৰ জাতীয় ঐতিহ্য। এই ঐতিহ্য আমাৰ জাতিৰ পৰিচয়। সেয়ে এই সম্বল সমূহক আমি উপযুক্ত ভাবে সংৰক্ষণ কৰিব লাগিব।” এই মন্তব্য অসমৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ। আজি নগাঁও জিলাৰ আমনিস্থ অসম ৰাজ্যিক উদ্যোগিক সম্প্ৰসাৰণ কেন্দ্ৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু কলিয়াবৰ মহকুমাৰ প্ৰশাসনৰ সহযোগত অনুষ্ঠিত ঐতিহ্য সজাগতা অনুষ্ঠানৰ সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী মহন্তই আৰু কয়যে,ঐতিহ্য সংৰক্ষণ হলে জাতীয় পৰিচয় শক্তিশালী হব। পূৰ্বৰ চৰকাৰ সমূহক সমালোচনা কৰি মহন্তই কয়,” অসমৰ এই ঐতিহ্য সমূহ সংৰক্ষণ কৰাত পূৰ্বৰ চৰকাৰ সমূহে বিশেষ ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। আমি পূৰ্বৰ চৰকাৰৰ দিনতবিধান সভাত এই প্ৰাচীন ঐতিহ্য সমূহ সংৰক্ষণৰ বাবে প্ৰশ্ন উত্থাপন কৰিছিলো। চৰকাৰেও সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰ খনে অসমৰ প্ৰচীন আৰু প্ৰত্নতাত্ত্বিক সম্বল সমূহ সংৰক্ষণৰ বাবে ব্যৱহা গ্ৰহন কৰিছে।” মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ জাতীয় গুৰু বুলি অভিহিত কৰি মন্ত্ৰী গৰাকীয়ে কয়,”আমাৰ চৰকাৰে ঐতিহ্য সংৰক্ষণৰ পদক্ষেপ হিচাপে গুৰুজনাৰ পবিত্ৰ জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ ভূমি বেদখল মুক্ত কৰাৰ লগতে থান খনৰ উন্নয়নৰ বাবে ১৫০ কোটিৰো অধিক টকা ধাৰ্য্য কৰিছে। তদুপৰি ৰাজ্য খনৰ বহু কেইখন সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ লগতে আহোম ৰাজত্বৰ সময়ৰ বহু ঐতিহাসিক সম্বল আৰু ঐতিহ্য ক্ষেত্ৰ সমূহক বেদখল মুক্ত কৰি প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে।” প্ৰসংগক্ৰমে তেওঁ কয়,” আহোম ৰাজত্বৰ সময়ত অন্যতম ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।আহোম ৰাজত্ব সময়ৰ অন্যতম শক্তিশালী প্ৰতিৰক্ষা ক্ষেত্ৰ হিচাপে চিহ্নিত চীনৰ প্ৰাচীৰ সদৃশ চামধৰা গড় আৰু মিছাকুট সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।” ভাষন প্ৰসংগত মন্ত্ৰী গৰকীয়ে এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

Exit mobile version