জৰুৱা-বন্দিহানা:গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঢোৰাৰঘাট প্ৰথম খন্ডত গাৱত বিদুৎস্পৃষ্ট হৈ এজন মাছমৰীয়াৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ খেতিপথাৰত এন্দুৰৰ উৎপাতত অতিষ্ট হৈ বিদ্যুৎপৰিবাহী তাৰ এডালত বিদ্যুত সংযোগ কৰি এন্দুৰ মাৰিব বিচাৰিছিল উক্ত গাৱৰেএজন খেতিয়কে।কিন্তু এন্দুৰৰ পৰিবৰ্তে মৃত্যু ঘটিল এজন মানুহৰ। প্ৰাপ্তবাতৰিমতে, যোৱাৰাতি শৰৎচন্দ্ৰ ৰায়(৫৫)নামৰ লোকজনে মাছধৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল।আজি পূৱা ঘৰলৈ উভতি নহাত পৰিয়ালটোৱে চিন্তিতহৈ পৰে৷ এনেদৰে পৰিয়াল টোৱে বিভিন্ন স্থানত ৰায়ক বিচাৰি হাবাথুৰি খাব লগা হৈছিল। আজি দুপুৰীয়া নিজৰ ঘৰৰ পিছফালে ধাননী পথাৰত মৃত্যু অবস্থাত দেখা পায় স্থানীয়লোক এজনে৷এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকজনে খবৰ প্ৰচাৰ কৰাত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় গাওখনত। ইয়াৰ পাছত ৰাইজে আৰক্ষীক খবৰ কৰে ৷ পিছত ঘটনাস্থলীত বালাজান আৰক্ষী চকীৰ আৰক্ষী উপস্থিতহৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷অভিযোগ অনুসৰি গাৱখনৰ বাসিন্দা আব্দুল বাৰেক নামৰ খেতিয়কজনে ধাননী পথাৰত এন্দুৰ মাৰিবলৈ পথাৰৰ চাৰিওফালে গুনাৰে বিদুৎ সংযোগ কৰি ৰাখিছিল আৰু সেই বিদ্যুত পৰিবাহী তাৰৰ সৈতে বিদুৎ স্পৃষ্ট হৈ শৰৎ চন্দ্ৰ ৰায়ৰ মৃত্যু হোৱা বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে।
গৌৰীপুৰত এন্দুৰমৰা বিদ্যুৎ ফান্দত লাগি মাছমৰীয়াৰ মৃত্যু
-
By publisher

- Categories: News
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026