চিৰাঙৰ বিভিন্ন ঠাইত পুজা আৰু মেলাৰ নামত চলিছে অবাধ জুৱা

8

ঝাণ্ডী মুণ্ডাৰ এই খেল একাংশ উগ্ৰপন্থী সদস্যই চলোৱাৰ অভিযোগ

অগ্ৰদূত বাৰ্তা,কাজলগাঁও,১৭ অক্টোবৰ : চিৰাং জিলাৰ বিভিন্ন ঠাইত পুজা আৰু মেলাৰ নামত চলিছে অবাধ জুৱা । জিলাখনৰ পানবাৰী থানাৰ অন্তৰ্গত মোনাকোচাত লক্ষ্মী পূজাৰ আনন্দৰ সুযোগ লৈ একাংশ দুষ্ট প্ৰকৃতিৰ লোকে চলাই আছে মুকলি ভাৱে জুৱা ।জিলাখনত এবছুকে আদি কৰি বিভিন্ন ছাত্ৰ সংগঠনৰ বিৰোধিতাৰ পিচতো জুৱাৰী সকলে এই দৰেই পুজাৰ নামত অনুষ্টিত মেলাত মুকলিভাৱে জুৱা চলাই থকা পৰিলক্ষিত হৈছে। জুৱাৰ বৃহৎ বজাৰখনত প্ৰতিনিশাই কেইবা লাখ টকা বিনিয়োগ হোৱা অভিযোগ উত্থাপিত হৈছে। একাংশ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত জুবাৰী সকলে এই দৰেই চলাই গৈছে নিজৰ ব্যৱসায়। প্ৰতি বছৰেই এই উৎসৱৰ বতৰত মেলাৰ নামত জুৱা অনুষ্টিত হয় আৰু বিতৰ্কৰ সুচনা হয় । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত এক নং গৌজোনপুৰি (দোলাইগাঁওৰ কাষত)শনি মন্দিৰৰ ওচৰতে নিতৌ অনুষ্টিত হয় জুৱা । ঝাণ্ডী মুণ্ডাৰ এই খেল একাংশ উগ্ৰপন্থী সদস্যই চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । আৰক্ষী প্ৰশাসনৰ লোকে জনাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰে । আচৰিত কথাটো হৈছে বঙাইগাঁও আৰক্ষী ছাউনীৰ নিচেই কাষতে উত্তৰ পিনে এই ঠাইত সদায় জুৱা চলে কিন্ত সকলো নিমাত ।

Exit mobile version