বকোত ৪১ কুইণ্টল চোৰাং চাউল জব্দ

1 2

অগ্ৰদূত বাৰ্তা, বকো:বকোৰ তামুলদীত আৰক্ষীৰ তৎপৰতাত জব্দ চোৰাং চাউল। জব্দ কৰা চোৰাং চাউলখিনি খাদ্য সুৰক্ষা আঁচনিৰ । আজি বিয়লি ছয় কুইণ্টল চোৰাং চাউল আৰক্ষীয়ে তামুলদীৰ আজিৰ আলীৰ বাসগৃহৰ পৰা জব্দ কৰে। চোৰাং চাউল ব্যৱসায়ী আজিৰ আলী সম্প্ৰতি পলাতক অৱস্থাত। বিগত দিন ধৰি আজিৰ আলীয়ে চোৰাংভাবে চাউলৰ ব্যৱসায় অব্যাহত ৰাখিছে। এটকাৰ চাউল দহ টকাত বিক্ৰী কৰি আজিৰ আলীয়ে চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। ছমৰীয়া পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্ব্ৰিৱেল দৈমাৰীৰ নেতৃত্বত চোৰাং চাউলখিনি জব্দ কৰা হয়। জব্দ কৰা চাউলখিনি ছমৰীয়া পহৰা চকীলৈ অনা হয়। একেদৰে আৰক্ষী বিষয়া গৰাকীয়ে এক গোপন সূত্ৰৰ পম খেদি বকো মুখে আহি থকা এ এচ- ২৫ ডি চি ৬৬৯২ নম্বৰৰ টাটা ডি আই এখনেৰে খাদা সুৰক্ষা আঁচনিৰ পয়ত্ৰিশ কুইণ্টল চোৰাং চাউল সৰবৰাহ কৰা অৱস্থাত বৰালীমাৰা পৰা জব্দ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, পলাতক অৱস্থাত থকা আজিৰ আলীয়ে তমিজ আলী নামৰ সুলভ মূল্যৰ দোকানখনৰ ডিলাৰৰ পৰা খাদ্য সুৰক্ষা আঁচনিৰ চাউলখিনি চোৰাংভাবে ক্ৰয় কৰিছিল। বৰ্তমান ডি আইসহ চোৰাং চাউলখিনি ছমৰীয়া আৰক্ষীৰ কব্জাত। উল্লেখ্য,চোৰাং চাউল ব্যৱসায়ী আজিৰ আলী বিভিন্ন ধৰণৰ চোৰাং ব্যৱসায়ৰ লগত জৰিত বুলি জানিব পৰা গৈছে। বকোৰ সোণতলী আৰু ছমৰীয়া সত্ৰ গাওঁ পঞ্চায়ত সমবায় সমিতিৰ পৰা বিগত দিন ধৰি হিতাধীকাৰিৰ চাউল চোৰাংভাবে বিক্ৰী কৰি এক চোৰাং চাউলৰ বজাৰ গঢ়ি তুলিছে। যাৰ ফলত প্ৰকৃত হিতাধীকাৰিসকলক প্ৰাপ্য চাউলৰ পৰা বঞ্চিত কৰি আহিছে। এই ক্ষেত্ৰত সমবায় সমিতি দুখনৰ সভাপতি, সম্পাদক জৰিত থকা বুলি সন্দেহ কৰা হৈছে।

Exit mobile version