শংকৰ চাহ বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ চন্দ্ৰ দেৱ’ক উদ্ধাৰ কৰাত ব্যৰ্থ সেনা-আৰক্ষী

চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়াৰ পুত্তলিকা দাহ সদৌ অসম বেংগলী ফেডাৰেচনৰ

 অগ্ৰদূত বাৰ্তা,ডুমডুমা, ১৭ অক্টোৱৰঃ তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী তথা হেড ফিটাৰ গৌৰাংগ চন্দ্ৰ দেৱ’ক উদ্ধাৰ কাৰ্যত চুড়ান্তভাৱে ব্যৰ্থ হৈছে সেনা-আৰক্ষী প্ৰশাসন ৷ অসহায় সেনা-আৰক্ষীয়ে আজি সপ্তম দিনাও অপহৃত চাহ কৰ্মচাৰী গৰাকীৰ শুংসুত্ৰ উলিয়াবলৈ সক্ষম নহ’ল সেনা-আৰক্ষীয়ে ৷ দিনে-ৰাতিয়ে তিঘিলঘিলাই ফুৰা সেনা-আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ অপহৰণ ঘটনাটো সংঘটিত শংকৰ চাহ বাগিচাত আজি সপ্তম দিনাও নিৰাপত্তাৰক্ষীক নিয়োগ কৰে ৷ বাগিচা ’ল’কআউট’ হোৱাৰ সম্ভাব্য পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ বাগিচাখনৰ পৰিচালকসকলক আজি সপ্তম দিনাও কৰ্মস্থলীতে নজৰবন্দি কৰি ৰাখে নিৰাপত্তাৰক্ষীয়ে ৷ অপহৃত গৌৰাংগ চন্দ্ৰ দেৱক উদ্ধাৰ কৰাত শংকৰ চাহ বাগিচাৰ স্বত্বাধিকাৰ সুধিৰ কুমাৰ লোহিয়াই কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি দুপৰীয়া ধলাত বাইক ৰেলী বাহিৰ কৰাৰ লগতে আহোম গাৱঁস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাহ উদ্যোগপতি গৰাকীৰ পুত্তলিকা দাহ কৰে ৷ ফেডাৰেচনটোৰ নেতৃত্বই অসম চৰকাৰ হায় হায়, সেনা-আৰক্ষী প্ৰশাসন হায় হায়, অপহৃত গৌৰাংগ চন্দ্ৰ দেৱ’ক মুক্তি দিয়ক আদি শ্ল’গানেৰে পুত্তলিকা দাহস্থলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীয়ে তালাপ আৰক্ষী চকীৰ প্ৰভাৰী গৰাকীৰ যোগেদি জিলা উপায়ুক্তলৈ অপহৃত চাহ কৰ্মচাৰী গৰাকীক শীঘ্ৰে উদ্ধাৰ কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে যোৱা ১১ অক্টোৱৰ সন্ধিয়া ৬.৩০ বজাত হাতত একে-৪৭ ৰাইফল লৈ আৰক্ষী কামাণ্ডো পোছাকত অহা চাৰিজনীয়া আলফা স্বাধীনৰ সদস্যই শংকৰ চাহ বাগিচা কলঘৰটোৰ পৰা হেড ফিটাৰ গৌৰাংগ চন্দ্ৰ দেৱ’ক নাটকীয়ভাৱে অপহৰণ কৰি নিয়া পিছ মুহুূৰ্তৰ পৰাই তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী সংৰক্ষিত বনাঞ্চলত সেনা-আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাইছিল ৷ ইয়াৰ বিপৰীতে অপহৰণ কাণ্ডটোত কোন জড়িত তাক সেনা-আৰক্ষীয়ে আজিও আনুষ্ঠানিকভাৱে স্পষ্ট নকৰিলে ৷ একেদৰে আলফা স্বাধীনেও অপহৰণ কাণ্ডটোৰ সন্দৰ্ভত আজি পৰ্যন্ত নিজৰ স্থিতি স্পষ্ট কৰাৰ পৰা বিৰত আছে ৷
Exit mobile version