অগ্ৰদূত বাৰ্তা ,ডুমডুমা ২০অক্টোবৰঃ- আজি অৰুণাচল প্ৰদেশৰ চাংলাঙত ৪ৰ্থ আসাম ৰাইফল আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত আলফা (স্বঃ) দুধৰ্ষ কেডাৰ আটক হোৱাৰ বাতৰি পোৱা গৈছে৷ চাংলাঙৰ খিমীয়াং, ইয়ানমং আৰু নৈটাং অঞ্চলত এই অভিযান চলিছিল৷ প্ৰাপ্ত বাতৰি অনুসৰি আলফা স্বাধীনৰ দুধৰ্ষ সদস্য ৰূপান্তৰ অসম ওৰফে ডাৱৰ অসম আটক হোৱাৰ চাঞ্চল্যকৰ বাতৰি পোৱা গৈছে৷ ডাৱৰ অসমৰ পৰা এটা ৰাইফল, দুটা মেগজিন, ৪৯টা সজীৱ গুলি উদ্ধাৰ কৰে৷ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ দুধৰ্ষ আলফা সদস্য জনে ২০১৬ত আলফাত(স্বাঃ) যোগদান কৰিছিল৷ তাৰ আগতে চেন্নাইত এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছিল৷ ডাৱৰ অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত মালভোগ লাওপানী গাঁৱত বুলি জানিব পৰা গৈছে৷ ম্যানমাৰত আলফা(স্বাঃ)ৰ আৰু উত্তৰ পূৱৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ম্যানমাৰ সেনাই অভিযান অব্যাহত ৰখাৰ মাজতে আলফা(স্বাঃ) ২০/২২ জনিয়া এটা দল আন্তৰ্জাতিক ম্যানমাৰ সীমান্ত পাৰ হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশৰ তথ্য সেনাৰ চোৰাংচোৱাৰ হাতত আছিল আৰু এই তথ্যৰ ভিত্তিতে আজি ৰূপান্তৰ ওৰফে ডাৱৰ অসম আটক হ’ব লগা হ’ল বুলি সূত্ৰত প্ৰকাশ৷
আলফা স্বাধীনৰ দুধৰ্ষ সদস্য ৰূপান্তৰ ওৰফে ডাৱৰ অসম আটক
-
By publisher

ADVERTISEMENT
- Categories: News
- Tags: AssamInsurgencyULFA
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025