দীপাৱলীৰ উদ্দীপনাৰ মাজতে যোৰহাটত ভয়ংকৰ অগ্নি কাণ্ড : কথমপি ৰক্ষা বহু দোকান

jorhat fire1 copy

ষ্টাফ ৰিপৰ্টাৰ,যোৰহাট,২৭ অক্টোবৰ : এক ভয়ংকৰ অঘটনৰ পৰা আজি কথমপি যোৰহাট নগৰ। দীপাৱলীৰ উৎসাহ উদ্দীপনাৰ মাজতে আজি যোৰহাট নগৰৰ বৰুৱা চাৰিআলিস্থিত জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা ন্যায়াধীশ ভৱনৰ গাতে লাগি থকা বৰপাত্ৰ আলিৰ ড্ৰেইনৰ পৰা সন্ধিয়া প্ৰায় ৫-45 বজাত জুই নিৰ্গত হবলৈ ধৰে। নগৰৰ মাজমজিয়াৰ ব্যস্ত অঞ্চলটোত এনেদৰে জুই নিৰ্গত হোৱাত হাহাকাৰ লাগে অঞ্চলটোত। জুয়ে নিমিষতে লেলিহান ৰূপ লয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা জুই প্ৰায় 30-35 ফুট ওপৰলৈ উঠি যায়। আনহাতে পথৰ পশ্চিমৰ ড্ৰেইনলৈও গেছ নিৰ্গত হোৱাত এখন দোকানৰ পিছফালেও জুইৰ সূত্ৰপাত হয়। এনে ভয়ংকৰ পৰিস্হিতিত অঞ্চলটোৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি মানুহ নিৰাপদ দূৰত্ব লৈ পলায়ন কৰে। দিপাৱলীৰ চাকি-বন্তিও আধাতে নুমুৱাবলৈ বাধ্য হয়। অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰই জনোৱা মতে ড্ৰেইনত থকা আই অ চিৰ ঘৰুৱা গেছৰ পাইপ লিক কৰাৰ ফলতে এই অগ্নি কাণ্ড সংঘটিত হবলৈ পালে। জুই ইমানেই ভয়ঙ্কৰ আছিল যে নিমিষতে কাষৰ এজোপা গছ আৰু এখন এখন হৰ্ডিং জুইত জাহ যায়। কেইবাখনো অগ্নি নিৰ্বাপন গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিও ব্যর্থ হয়। প্ৰায় এঘন্টাৰ মূৰত আই অ চি কৰ্তৃপক্ষই থলিতে গেছ সৰবৰাহ বন্ধ কৰাতহে পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে।

Exit mobile version